স্বাস্থ্য প্ৰতিবেদন:
চকুৰ বিষ, ফুলা ভাব, সংবেদনশীলতা, জ্বলা কৰা, পলক মৰাত সমস্যা, চকুত প্রচুৰ ময়লা জমা হোৱা ইত্যাদি চকুত আছিনাই হোৱাৰ লক্ষণ। সাধাৰণতে ৭ৰ পৰা ১০ দিনৰ ভিতৰত আছিনাই নিজে নিজে ভাল হৈ যায়। অৱশ্যে ইয়াক শীঘ্ৰে ভাল কৰাৰ বাবে আছে কিছু ঘৰুৱা উপায়।
আক্রান্ত চকুত গৰম সেঁক দিলে বহুত ভাল ফল পাব পাৰে। গৰমত পুঁজ বাহিৰ হৈ আছিনাই ভাল হৈ যাব অতি সোনকালে। এখন পৰিষ্কাৰ কাপোৰ গৰম পানীত ভিজাই কাপোৰখন ভালদৰে চেপি লৈ চকুৰ ওপৰত ৫-১০ মিনিট ৰাখক। কোনো ধৰণৰ চাপ নিদিব। দিনত ৩-৪ বাৰ সেঁক দিয়ক।
কাপোৰৰ পৰিবর্তে গৰম টি বেগো ব্যৱহাৰ কৰিব পাৰে। ব্লেক টিয়ে সকলোতকৈ ভাল কাম কৰে। কাৰণ ইয়াত থাকে এন্টি-বেক্টেৰিয়েল উপাদান। প্রথমতে এক কাপ গৰম পানীত এটি টি বেগ দিয়ক। কিছু সময় ৰাখি টি বেগটো উলিয়াই আনক। ঠাণ্ডা হ’লে চকুৰ ওপৰত ৰাখক। ৫-১০ মিনিটমান ৰাখিলেই হ’ব।
আছিনাই হ’লে মেকআপৰ ব্যৱহাৰৰ পৰা বিৰত থাকক। আছিনাই হোৱা অৱস্থাত মেকআপ কৰিলে ব্রাছ বা অন্যান্য বস্তুৰে বেক্টেৰিয়া যাব পাৰে। সেইপাত যিয়ে ব্যৱহাৰ কৰিব তেওঁৰ চকুতো আছিনাই হ’ব পাৰে। লেন্স ব্যৱহাৰ কৰাও এৰাই চলক।
নিজে নিজে বিন্ধি আছিনাই ফুটাবৰ চেষ্টা নকৰিব। প্রয়োজনত চিকিৎসকৰ পৰামর্শ অনুযায়ী এন্টিবায়োটিক মলম আৰু বিষ কমোৱা ঔষধ সেৱন কৰিব পাৰে। সপ্তাহৰ পিছতো আছিনাই ভাল নহ’লে বিশেষজ্ঞ চকু চিকিৎসকৰ পৰামর্শ ল’ব লাগিব।