ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা। কিন্তু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জাতীয় দল-সংগঠনে।
শুকুৰবাৰে নিশা সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে জোৰ লৈ সমদল কৰিছিল। এতিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য়ৰ ৪ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে।
ভ্ৰমণকালত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা, নগাওঁ, চৰাইদেউ আৰু যোৰহাটত ১৪৪ ধাৰা জাৰি কৰা হৈছে।ইতিমধ্যে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।