![]()
দেওবাৰে BTR চুক্তিৰ বৰ্ষপূৰ্তি উপলক্ষে হ’বলগীয়া অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহক আদৰিবলৈ BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ তত্ত্বাৱধানত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷
কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত হ’বলগীয়া এই অনুস্থানৰ বাবে গ্ৰীণ ফীল্ড এতিয়া আটকধুনীয়াকৈ সজাই তোলা হৈছে ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অমিত শ্বাহ উপস্থিত থাকিব কাৰণে নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ BTRৰ মুৰব্বী প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত দিয়া বিবৃত্তি অনুসৰি, কাইলৈৰ অনুষ্ঠানৰ বাবে সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু অনুষ্ঠানত পাঁচ লাখ ৰাইজৰ সমাগমৰ আশা কৰা হৈছে ৷
যোৱা বছৰৰ ২৭ জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰিত BTR চুক্তিৰ বৰ্ষপূৰ্তি ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰী পৰ্যন্ত তিনিদিনীয়াকৈ পালন কৰাৰ ব্যৱস্থা কৰিছে BTR চৰকাৰে ৷ ইতিমধ্যে BTR চুক্তিৰ কেইবাটাও দফা চৰকাৰে ৰূপায়ণ কৰাৰ পাছত অহা এবছৰৰ ভিতৰত গৰিষ্ঠসংখ্যক দফাই কাৰ্যকৰী কৰা হ’ব বুলি BTRৰ মুৰব্বী প্ৰমোদ বড়োৱে আশা কৰিছে ৷
কাইলৈৰ এই বৃহৎ অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, NEDAৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ বহুসংখ্যক মন্ত্ৰী-বিধায়কো উপস্থিত থাকিব ৷













