ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভূমিহীন খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ পট্টা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক বিকাশে এই আত্মবিশ্বাস সুদৃঢ় কৰে : প্ৰধানমন্ত্ৰী

News Desk by News Desk
January 23, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

দিছপুৰ : খিলঞ্জীয়াৰ স্বাভিমান আৰু ভূমিৰ অধিকাৰ প্ৰদানৰ দিশত এক নজিৰ সৃষ্টি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত ৰাজ্যখনৰ ১.০৬ লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ১০ গৰাকী খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত আনুষ্ঠানিকভাৱে মাটিৰ পট্টাৰ নথি প্ৰদান কৰে৷ নিজৰ ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে অসমীয়া ভাষাতে ৰাইজক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোৰে সুখ আৰু সমৃদ্ধি কামনা কৰে৷ অসমবাসীৰ মৰম আৰু চেনেহে তেওঁক বাৰে বাৰে অসমলৈ টানি আনে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত দিনসমূহত তেওঁ কেইবাবাৰো অসমলৈ আহি ৰাজ্যখনৰ বিকাশৰ প্ৰক্ৰিয়াটোত জড়িত হোৱাৰ সুযোগ লাভ কৰাৰ লগতে অসমবাসীৰ আশীৰ্বাদ আৰু আত্মীয়তা লাভ কৰাৰ সৌভাগ্যহৈছে ৷

এই প্ৰসংগত তেওঁ বিগত বৰ্ষত কোকৰাঝাৰত আয়োজিত ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আয়োজিত উৎসৱত যোগদানৰ বিষয়টোও উল্লেখ কৰে৷ আজি অসমৰ খিলঞ্জীয়াৰ স্বাভিমান আৰু সুৰক্ষাৰ লগত জড়িত বিষয়টোত চামিল হ’বলৈ সুযোগ পোৱাৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্ৰী কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে খিলঞ্জীয়াৰ বিকাশ আৰু সুৰক্ষাৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে৷ এই চৰকাৰৰ কাৰ্যকালত ইতিমধ্যে ২ লাখ ২৫ হাজাৰৰো অধিক লোকক পট্টা প্ৰদানৰ পাছত আজি ৰ লক্ষাধিকৰ ওপৰ খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদানে এই লোকসকলৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত থকা দীৰ্ঘদিনীয়া চিন্তা দূৰ কৰিলে বুলি তেওঁ কয়৷ ধৰিত্ৰী কেৱল মাটি, গছ আৰু শিলাখণ্ডৰে সমষ্টি নহয় বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ধৰিত্ৰী আমাৰ মাতৃ৷ ভাৰত ৰত্ন সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ ‘‘অ’ মোৰ ধৰিত্ৰী আই’’ শীৰ্ষক কালজয়ী গীতটিৰ পংক্তি আওৰাই তেওঁ কয় যে মাটি অবিহনে কৃষকৰ কোনো বিকল্প নাই৷ ভূমিৰ অধিকাৰ প্ৰদান নাগৰিকৰ স্বাভিমান, স্বাধীনতা আৰু সুৰক্ষাৰ লগত জড়িত বিষয় বুলি অভিহিত কৰি তেওঁ কয় যেপূৰ্বৰ চৰকাৰৰ শাসনকালত ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদানৰ বিষয়টো প্ৰাধান্য দিয়া নাছিল৷ ইয়াৰ ফলত তেওঁলোকে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ আছিল৷ অসমৰ ৬ লাখৰো অধিক খিলঞ্জীয়া পৰিয়ালে আজি অত বছৰে নিজৰ ভূমিত আইনী ব্যৱস্থাৰ দ্বাৰা অধিকাৰ সাব্যস্ত কৰিব পৰা নাছিল৷ শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত এই ভূমি আৱণ্টনৰ প্ৰক্ৰিয়াই এই দিশত এক নতুন মাত্ৰা সংযোজন কৰিব বুলিও তেওঁ কয়৷

অসমৰ ভৱিষ্যতৰ স্বাৰ্থত সৰ্বোচ্ছ ত্যাগ কৰা মহাসতী জয়মতীৰ স্মৃতিৰে মহীয়ান জেৰেঙা পথাৰৰ এই পৱিত্ৰ ভূমিক প্ৰণাম জনোৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে সতী জয়মতীৰ অদম্য সাহস আৰু দেশপ্ৰেমৰ মহান আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে৷ শিৱসাগৰৰ ঐতিহাসিক গুৰুত্ব আৰু মহত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাবেই কেন্দ্ৰীয় চৰকাৰে প্ৰত্নতাত্ত্বিক দিশত গুৰুত্ব থকা দেশৰ প্ত খন আইকনিক ক্ষেত্ৰৰ ভিতৰত শিৱসাগৰকো অন্তৰ্ভূক্ত কৰিছে৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ বছৰীয়া জন্ম জয়ন্তী আজি দেশজুৰি ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষৰ স্বাভিমান আৰু স্বতন্ত্ৰতাৰ ক্ষেত্ৰত নেতাজীয়ে দেখুওৱা আদৰ্শই আজিও সকলোকে প্ৰেৰণা যোগায়৷ নেতাজীৰ দেশপ্ৰেমে দেশ নিৰ্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সংকল্প লোৱাৰো প্ৰেৰণা যোগায় বুলি তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষা আৰু ভূমিৰ অধিকাৰ সুৰক্ষাৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে৷ ২০১৯ চনত নতুন ভূমিনীতি গ্ৰহণ কৰাৰ ফলত ৰাজ্যখনৰ খিলঞ্জীয়াই ভূমিৰ অধিকাৰ লাভ কৰাৰ পথ প্ৰশস্ত কৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে এই অধিকাৰে নাগৰিকসকলৰ জীৱনৰ স্তৰ আৰু অধিক সুন্দৰ কৰাৰ সুযোগ প্ৰদান কৰিব৷ ইয়াৰ ফলত তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰাটো সুনিশ্চিত হ’ল৷ ইমানদিনে এই লোকসকলে বহুবোৰ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল৷ ভূমিৰ এই আইনী নথিৰ জৰিয়তে তেওঁলোকে এতিয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, ফচল বীমা যোজনা, বেংক একাউণ্ট মুকলি কৰাৰ দৰে সুযোগসমূহ লাভ কৰাৰ লগতে ব্যৱসায়-বাণিজ্যৰ বাবে বেংকৰ পৰা ঋণ পোৱাটোও সহজ হৈ পৰিল বুলি প্ৰধানমন্ত্ৰীয়ে কয় ৷

অসমৰ ৭০ টাৰো অধিক সৰু-বৰ জনগোষ্ঠীৰ সামাজিক সুৰক্ষা আৰু ত্বৰান্বিত বিকাশৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰৰ দায়বদ্ধ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে পূৰ্বতে অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰ আৰু বৰ্তমানৰ এন ডি এ চৰকাৰে অসমৰ সংস্কৃতি, স্বাভিমান সুৰক্ষাক সদায়েই গুৰুত্ব প্ৰদান কৰি আহিছে৷ অসমীয়া ভাষা সাহিত্যৰ বিকাশ সাধন আৰু প্ৰতিটো জনগোষ্ঠীৰ মহান ব্যক্তিসকলক উপযুক্ত সন্মান দিয়া হৈছে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু শিক্ষা কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰ বাবে আৰু মানৱতাৰ এক আপুৰুগীয়া সম্পদ বুলি অভিহিত কৰি তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ দিনত মহাপুুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন প্ৰচাৰ আৰু প্ৰসাৰত যিদৰে গুৰুত্ব দিব লাগিছিল তেনেদৰে গুৰুত্ব নিদিলে৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে এইগৰাকী মহাপুৰুষৰ আধ্যাত্মিক স্থান সংৰক্ষণ আৰু দৰ্শন প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে৷ বটদ্ৰৱা থানৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে নিজৰ চাৰে চাৰি বছৰীয়া শাসনকালত ৰাজ্যখনৰ আধ্যাত্মিক স্থানৰ সুৰক্ষা, কলা-সংস্কৃতিৰ সৈতে জড়িত থকা ঐতিহ্যৰ সংৰক্ষণ, দেশ তথা বিশ্বৰ গৌৰৱ কাজিৰঙাৰ সুৰক্ষা আৰু সম্প্ৰসাৰণৰ দিশত অনবদ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

আত্মনিৰ্ভৰ ভাৰতৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক আত্মনিৰ্ভৰ কৰি তুলিব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ অসমৰ পথ অসমবাসীৰ আত্মবিশ্বাসৰ মাজেৰেহে আহে, আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক বিকাশে এই আত্মবিশ্বাস সুদৃঢ় কৰে৷ সেইবাবে কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে৷ ভাষণ প্ৰসংগত তেওঁ জন-ধন যোজনা, আয়ুষ্মান ভাৰত, অনাময় শৌচাগাৰ, জলজীৱন মিছনৰ জৰিয়তে খোৱাপানী যোগান, বিদ্যুৎ সংযোগ প্ৰদান আদি অভিলাষী পদক্ষেপৰ কথা উল্লেখ কৰে৷ ‘উজালা’ যোজনাৰ সফলতাৰ খতিয়ান দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনত ৰাজ্যখনৰ মাথোঁ ৪০ শতাংশ পৰিয়ালকহে ৰন্ধন গেছৰ সংযোগে সামৰি লৈছিল৷
আজি উজলা যোজনাৰ জৰিয়তে ৰাজ্যখনৰ ৯৯ শতাংশ লোকক সামৰি লোৱাৰ জৰিয়তে ৰাজ্যখনৰ মহিলা সশক্তিকৰণৰ দিশত নতুন অধ্যায়ৰ সূচনা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০১৪ চনত ৰাজ্যত ৩৩০ টা এল পি জি বিতৰক প্ৰতিষ্ঠান থকাৰ বিপৰীতে আজি এই সংখ্যা ৫৭৫ টাৰো অধিক হৈছে৷ কৰ’না ভাইৰাছৰ সময়ত লক্ষ লক্ষ পৰিয়ালক উজালা যোজনাৰ অধীনত বিনামূলীয়া গেছ চিলিণ্ডাৰ দিয়া হৈছে৷ ডিষ্ট্ৰিবিউটৰৰ সংখ্যা বঢ়াৰ লগে লগে যুৱকসকলৰ কৰ্ম সংস্থাপনৰ সুবিধাও লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়৷

‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতিৰ আধাৰত বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সকলোৰে সম বিকাশৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত প্ৰতিটো জনগোষ্ঠীয়ে সমভাৱে আগুৱাই যাবলৈ সক্ষম হৈছে৷ পূৰ্বতে চাহ জনগোষ্ঠীৰ অৱস্থা কি আছিল সেয়া সকলোৰে অৱগত বুলি তেওঁ কয় যে চাহ জনগোষ্ঠীৰ লোকসকলে দীৰ্ঘকাল ধৰি গৃহ আৰু শৌচালয়ৰ সুবিধা লাভ কৰা নাছিল৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে এই জনগোষ্ঠীটোক শিক্ষা-স্বাস্থ্য-সংস্থাপন আদি সকলো দিশতে আগুৱাই নিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে৷ বেংকৰ সৈতে চাহ শ্ৰমিকসকলৰ প্ৰত্যক্ষ সংযোগ স্থাপন কৰাৰ বাবে পদক্ষেপ লোৱাৰ ফলত আজি সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ সন্তোষ কুমাৰ ত›Ÿ’ৰ দৰে মহান শ্ৰমিক নেতাৰ প্ৰৰ্তিমূতি স্থাপন কৰি চাহ জনগোষ্ঠীৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰা হৈছে৷ প্ৰতিটো জনগোষ্ঠীকে আগুৱাই নিয়াৰ বাবে অসমত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সূচনা হোৱাৰ লগতে প্ৰগতিৰ দিশেৰে ৰাজ্যখন আগুৱাই যাবলৈ সক্ষম হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ ঐতিহাসিক বড়ো চুক্তিৰ ফলত অঞ্চলটোৰ বিকাশৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সদ্যসমাপ্ত শান্তিপূৰ্ণ বিটিআৰ নিৰ্বাচনে অঞ্চলটোৰ বিকাশ আৰু বিশ্বাসৰ এক নতুন প্ৰতিচ্ছবি কঢ়িয়াই আনিছে৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে৷ ‘এক্ট ইষ্ট পলিচী’ৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে যোগাযোগৰ পৰিৱেশ নিৰ্মাণ কৰাৰ ফলত স্থল পথ, ৰে’ল পথ আৰু আকাশী পথৰ ক্ষেত্ৰত নতুন পৰিৱৰ্তনৰ সূচনা হৈছে বুলি তেওঁ কয়৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং নিৰ্মাণ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল নিৰ্মাণ, ৰূপসী বিমানকোঠ, মািŒI×মডেল লজিষ্টিক্স পাৰ্ক, গুৱাহাটী বাৰাউনী গেছ সংযোগী পাইপলাইন, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ আৰু বায়’ ৰিফাইনেৰী স্থাপন, এইমছ্‌ স্থাপন, গোগামুখত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান স্থাপন ইত্যাদি বিষয় উল্লেখ কৰে৷ কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু ‘টীম অসম’ৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে ৰাজ্যখনত কৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যথেষ্ট সফলতা লাভ কৰিছে৷ কৰ’না প্ৰতিষেধক প্ৰদানৰ সময়তো সফলতাৰ এই ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷

খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে আয়োজিত এই বিশাল জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক প্ৰধানমন্ত্ৰীৰ হাতেৰে মাটিৰ পট্টা প্ৰদান কৰা আজিৰ দিনটোক এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰে৷ তেওঁ কয় যে ২০১৬ চনৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ আস্থা-বিশ্বাসক লৈ সকলোৰে সম-উন্নয়নৰ বাবে কাম কৰি আহিছে৷ স্বচ্ছ প্ৰশাসনৰ বাবে দুৰ্নীতিমুক্ত অসম গঢ়া, স্থায়ী শান্তিৰ বাবে সন্ত্ৰাসমুক্ত অসম, প্ৰাকৃতিক তথা পাৰিপািৰ্«ক বাতাৱৰণ সুৰক্ষাৰ বাবে প্ৰদূষণমুক্ত অসম, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰি বিদেশীমুক্ত অসম নিৰ্মাণ আৰু কঠোৰ পৰিশ্ৰমেৰে বিকশিত অসম গঢ়ি তোলাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকৰ সহযোগিতাৰে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনিৰ সফল ৰূপায়ণেৰে আজি চৰকাৰখনে সকলো দিশতে বিকাশমুখী যাত্ৰা আৰু পৰিৱৰ্তন সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে৷ অসমীয়া জাতিৰ স্বাভিমান গামোচাক বিশ্ব মঞ্চত উপস্থাপন কৰি জাতীয় গৌৰৱক বিশেষ মাত্ৰা প্ৰদান কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাক সৰ্বোচ্ছ অসামৰিক সন্মান প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ প্ৰতি থকা তেখেতৰ আন্তৰিকতা প্ৰদৰ্শন কৰিছে৷ প্ৰধানমন্ত্ৰীক অসমৰ শুভচিন্তক বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ আৰ্শীবাদ আৰু সহযোগিতাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে আজি বিকাশৰ নতুন ৰাজপথেৰে গতি কৰিবলৈ সমৰ্থ হৈছে৷ বিশ্ব দৰবাৰত ভাৰতক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী বিশেষভাৱে সফল হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে নিজৰ অতুলনীয় ব্যক্তিত্বৰ বলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিশ্বৰ আটাইতকৈ লোকপ্ৰিয় জননেতা হিচাপে পৰিগণিত হৈছে৷

ৰাজ্যখনৰ জনসাধাৰণ আৰু সাংবাদিকসকলে সদায়েই গঠনমূলক সমালোচনাৰে চৰকাৰখনক সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি ইয়াৰ বাবে তেওঁ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷ পূৰ্বতে নিজৰ মাটিৰ ওপৰত অধিকাৰ থাকিব নে নাই সেই বিষয়ত খিলঞ্জীয়াৰ মনত অনি(য়তা আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে খিলঞ্জীয়া লোকসকলে ভূমিৰ অধিকাৰ লাভ কৰাৰ পিছত সেই অনি(য়তা আঁতৰি গৈছে৷ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে জাতি, মাটি, ভেটি, কলা-সংস্কৃতি, ভাষা-সাহিত্য, ঐতিহ্য আৰু স্বাভিমান সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ লৈ আহিছে৷ সেইবাবে অসমৰ বুকুত আজি সকলো জাতি-জনগোষ্ঠীৰ লোক সুৰক্ষিত৷ চ্যুকাফাৰ বৰ অসম নিৰ্মাণৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰ দৃঢ়সংকল্প৷ আগন্তুক দিনতো অসমৰ ৰাইজৰ মান-সন্মান, স্বাভিমান বিকশাই তোলাৰ বাবে চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰি যাব বুলি তেওঁ কয়৷

সতী জয়মতীয়ে জেৰেঙা পথাৰৰ বুকুত আত্মত্যাগ আৰু স্বদেশপ্ৰেমৰ অতুলনীয় চানেকি প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী মহীয়সী নাৰীৰ আদৰ্শৰে ৰাজ্যখনৰ মহিলা সৱলীকৰণৰ দিশত উল্লেখযোগ্য সফলতা লাভ কৰিব পৰা গৈছে৷ আজি অসমত কৃষি সামগ্ৰী, মৎস্য উৎপাদন বৃদ্ধি পাইছে৷ অসমৰ সন্তানে বিদেশৰ বজাৰত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে৷ কৰ্ম সংস্কৃতি বৃদ্ধি কৰি আমাৰ ভৱিষ্যৎ গঢ় দিব লাগিব৷ অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শ্বহীদৰ ত্যাগ আৰু কষ্টৰ উপযুক্ত মূল্যাঙ্কনেৰে অসমীয়া জাতিৰ নিৰাপত্তা সুনিশ্চিত কৰি এখন বিদেশীমুক্ত অসম গঢ়াৰ বাবে বিজেপি চৰকাৰ দায়বদ্ধ৷ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ যাতে কোনো কাৰণতেই শংকিত হ’ব নালাগে তাৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷

১২৫তম জন্মজয়ন্তীৰ দিনা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেখেতৰ ত্যাগ আৰু স্বদেশ প্ৰেম ভাৰতীয় জনগণে কেতিয়াও পাহৰিব নোৱাৰে৷ এইগৰাকী মনীষীৰ আদৰ্শৰে ৰাজ্যৰ যুৱশক্তিয়ে ৰাষ্ট্ৰধৰ্ম পালন কৰি এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত ব্ৰতী হ’ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷

সভাত ভাষণ প্ৰদান কৰি বিত্ত, স্বাস্থ্য, লোক নিৰ্মাণ ইত্যাদি বিভাগৰ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই শিৱসাগৰতে ৰাজধানী স্থাপন কৰি ছশ বছৰীয়া আহোম ৰাজত্বই অসমৰ বুকুত সোণালী ইতিহাস ৰচনা কৰিছিল৷ সতী জয়মতীয়ে এই জেৰেঙা পথাৰতে আত্মত্যাগ আৰু স্বদেশ প্ৰেমৰ ইতিহাস ৰচিছিল৷ শিৱসাগৰৰ পৰাই ‘অৰুণোদয়’ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যই গৌৰৱৰ দিগন্তলৈ আগুৱাই গৈছিল৷ সেইবাবে ৰাজ্য চৰকাৰে জেৰেঙা পথাৰৰ ১০০ বিঘা ভূমিত সতী জয়মতীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনেৰে এক স্মাৰক নিৰ্মাণ কৰিব বুলিও তেওঁ কয়৷ ক’ভিড-১৯ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ দৃঢ় পদক্ষেপৰ বাবে আমেৰিকা, ইংলেণ্ডৰ দৰে শক্তিশালী ৰাষ্ট্ৰৰ সৈতে সমানে ফেৰ মাৰি ভাৰতে ক’ভিড ভেকচিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে টীকাকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ ৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়োৱা সহযোগিতাৰ বিভিন্ন বিষয় আলোকপাত কৰে৷ প্ৰধানমন্ত্ৰীৰ প্ৰেৰণা আৰু সহযোগৰ বাবে অসমে ক’ভিড-১৯ ৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷

আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংশোধনৰ ৫১১ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক [স্বতন্ত্ৰ] মন্ত্ৰী যোগেন মহন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক [স্বতন্ত্ৰ] মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ সাংসদসকল ক্ৰমে তপন কুমাৰ গগৈ, প্ৰদান বৰুৱা, পল্লৱ লোচন দাস, ড॰ ৰাজদ্বীপ ৰায়, হৰেন সিং বে, হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বহুকেইগৰাকী বিধায়ক, প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল আৰু বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

by News Desk
July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

by News Desk
July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
ADVERTISEMENT
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx