স্বাস্থ্য প্ৰতিবেদন:
আমাৰ দেশৰ ২২ শতাংশ লোকে শৌচকচা, কৌষ্টকাঠিন্য, মলৰোধ, মলবদ্ধতা বা ইংৰাজীত কোৱা কনষ্টিপেচনত ভোগে৷ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতেই ২.৫ নিযুত ভুক্তভোগী লোক আছে বুলি নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ৷ সমীক্ষামতে, সমগ্ৰ বিশ্বত ১৬ শতাংশ লোক শৌচকচাত ভোগে৷
ইয়াৰে ৩৩ শতাংশ লোক হ’ল ৬০ বছৰৰ উৰ্ধৰ৷ দিনক দিনে এই সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ যাৰ কাৰণ হয়তো আমাৰ পৰিবৰ্তিত জীৱনশৈলী আৰু খাদ্যাভাসত অন্তৰ্নিহিত আছে৷ আজিৰ আমাৰ আলোচ্য বিষয় হ’ল সকলোৰে মুখত বৰকৈ ফুটা কনষ্টিপেচন আৰু ইয়াৰ পৰিত্ৰাণৰ উপায়৷
কনষ্টিপেচন কাক বোলে ?
কনষ্টিপেচন হ’ল শৰীৰৰ এক অস্বাভাৱিক অৱস্থা য’ত আক্ৰান্ত লোকজনে সহজে মলত্যাগ কৰিবলৈ সমৰ্থ নহয়৷ স্বাভাৱিক অৱস্থাত এজন সুস্থ লোকে দিনটোত ৩বাৰৰ পৰা সপ্তাহত ৩বাৰ মলত্যাগ কৰে৷
যদিহে লোকজনে সপ্তাহত ৩বাৰৰ কম শৌচ কৰে আৰু শৌচ হৈ পৰে শুকান আৰু টাইট, সেইদৰে মলত্যাগ কৰা অৱস্থাক কনষ্টিপেচনত ভোগা বুলি গণ্য কৰা হয়৷ কনষ্টিপেচন আকৌ দুই ধৰণৰ হ’ব পাৰে৷
একিউট- মানে কেইদিনমানৰ অৱস্থা৷ মানুহ নৰিয়া পাটিত পৰিলে, ভ্ৰমণত গ’লে, সাময়িক খাদ্যাভাসৰ পৰিবৰ্তন হ’লে একিউট-কনষ্টিপেচন হ’ব পাৰে৷ আনহাতে, ক্ৰনিক কনষ্টিপেচন হ’ল দীৰ্ঘকাল ধৰি চলা শাৰীৰিক অৱস্থা৷ বহু ক্ৰনিক ৰোগীৰ ক্ষেত্ৰত বেৰিয়াম এনেমা এক্সৰে, ক’লোনস্কোপি আদিৰ দ্বাৰা ৰোগীৰ পৰীক্ষা কৰিবলগীয়া হয়৷
লক্ষণসমূহ কি কি?
কৌষ্ঠকাঠিন্যৰ চিনাক্তকৰণ মুঠেই জটিল নহয়৷ মল শুষ্ক আৰু কঠিন লগতে কম পৰিমাণৰ হয়৷ মলত্যাগ কৰিবলৈ বল প্ৰয়োগ কৰিবলগীয়া হয়৷ ৰোগীয়ে বহুপৰ শৌচালয়ত বহি থাকে তথাপিও পেট খোলোচা নহয়৷ মলত্যাগ অসম্পূৰ্ণ যেন ভাব হয়৷ তলপেটত কিছু বিষৰ অনুভূতি হয়৷ বহুতে চাবোন, চাপজিটৰি নাইবা আঙুলি ভৰাই হ’লেও মল নিষ্কাশনৰ প্ৰয়াস কৰে৷
পাকপ্ৰণালীৰ বিষয়ে দুআষাৰ
পাক প্ৰণালীৰ কাৰ্য বিৱৰণী পোনপ্ৰথম দাঙি ধৰিছিল দ্বিতীয় শতিকাত গ্ৰীক চিকিৎসক হিপক্ৰেটিছ আৰু গেলনে৷ তেওঁলোকৰ মতে, মুখত দাঁতেৰে চোবাই গুড়ি কৰা খাদ্যক পাকস্থলীত সিজোৱা হয়৷ তাৰ পিছত অন্ত্ৰত লিভাৰৰ ৰস মিহলোৱা হয়৷ ইয়াৰ পিছত উপকাৰী তত্বসমূহ তেজৰ নলীৰে শৰীৰৰ বিভিন্ন অংগলৈ প্ৰবাহিত হয়৷ অলাগতিয়াল আবৰ্জনা মলদ্বাৰেদি নিৰ্গত হয়৷
Borelli আৰু Réaumur নামৰ বিজ্ঞানী দুজনে ১৭ শতিকাত ওপৰৰ ধাৰণাৰ লগত সংযোজন ঘটালে হজম ক্ৰিয়াৰ লগত মেকানিকেল আৰু কেমিকেল ক্ৰিয়াকলাপ জড়িত আছে বুলি৷ আকৌ কুৰি শতিকাত Beaumont নামৰ আমেৰিকান চাৰ্জনে এজন ৰোগীৰ পেটত বুলেটে কৰা ছিদ্ৰৰ মাধ্যমেৰে গৱেষনা চলাই পাক প্ৰণালীৰ বহু কাৰ্যকলাপৰ সম্ভেদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
শৌচকচা হোৱাৰ ফলত শৰীৰত দেখা দিয়া প্ৰতিক্ৰিয়া
শৌচকচা হ’লে নানাটা ব্যাধিয়ে দেখা দিব পাৰে৷ এনিমিয়া, অনিদ্ৰা, খাদ্যত অৰুচি, কঁকালৰ বিষ, মূৰঘূৰণি, দুৰ্বলতা, মুখৰ দুৰ্গন্ধ, আভোক, পেটত গেছ, কামৰ প্ৰতি অমনোযোগিতা আদি হ’ব পাৰে৷ দীৰ্ঘকালৰ কৌষ্ঠকাঠিন্যই খজুৱতি, মুখৰ ঘা, এলাৰ্জিজনিত ৰোগ, মূত্ৰাশয়ৰ ৰোগ কৰিব পাৰে৷
কৌষ্ঠকাঠিন্যই উৎপন্ন কৰিব পৰা জটিলতাসমূহ
পাইলচ, এনেল ফিষ্টুলা,বএনেল ফিচাৰ, ৰেক্টেল প্ৰলাপচ আদি৷
কনষ্টিপেচন হোৱাৰ কাৰণসমূহ
বিভিন্ন কাৰণত কৌষ্ঠকাঠিন্যৰ উৎপত্তি হ’ব পাৰে৷ চিকিৎসা বিজ্ঞানীসকলৰ মতে শাক-পাচলি আৰু ফাইবাৰযুক্ত খাদ্যৰ অভাৱ, পানী কমকৈ খোৱা, দু:চিন্তাত ভোগা, নিজে নিজে সময়ে-অসময়ে দৰব খোৱা (বিশেষকৈ বিষহাৰক, পেটৰ বিষৰ দৰব, ডায়েৰিয়াৰোধক দৰব, মানসিক ৰোগৰ দৰব, এন্টিকনভালচেন্ট, পাৰকিনচনিজমৰ ঔষধ, কেলচিয়াম চেনেল ব্লকাৰ দৰব, এলুমিনিয়াম-কেলচিয়মযুক্ত এন্টাচিড, আইৰণযুক্ত পিল, ডাইউৰেটিকচ) আদিৰ বাবে শৌচকচা হ’ব পাৰে৷
ইয়াৰ উপৰি নিম্নলিখিত কাৰকসমূহ চিন্তনীয়-
০ বাৰ্ধক্যৰ দিশে অগ্ৰসৰ হোৱা বয়স
০ ডায়েবেটিজ ৰোগ
0 এলক’হলে উৎপন্ন কৰা ডিহাইড্ৰেচন
০ হাইপোথাইৰয়েডিজম
০ খাদ্যাভাসৰ পৰিবৰ্তন
০ ক’লোনৰ অস্ত্ৰোপচাৰ
০ ইন্টেষ্টাইনেল অপাৰেচন
০ ইৰিটেবল বাৱেল চিনড্ৰম
০ আলস্য আৰু শাৰীৰিক শ্ৰমৰ অভাৱ
(অহা খণ্ডত উপশমৰ উপায় আলোচনা কৰা হ’ব)
ডা: ভূপেন শইকীয়া
ই-মেইল drbksaikia@gmail.com মোবাইল/ৱাটচএপ ৯৪৩৫০৪৮০৫৫