ষ্টাফ ৰিপ’ৰ্টাৰ:
শিৱসাগৰৰ নাজিৰাত সংঘটিত এক ভয়ংকৰ দূৰ্ঘটনাত নাজিৰা ছেইন্ট পীটাৰছ স্কুলৰ ৯ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ লগতে আহত হয় এজন চাইকেল আৰোহী।
নাজিৰাৰ বাঁহগড়াৰত অৱস্থিত ছেইন্ট পীটাৰচ স্কুল চুটিৰ পিছতে জতকীয়া গাঁৱৰ এগৰাকী অভিভাৱকে ৯ জন ছাত্ৰ-ছাত্ৰীক লৈ ঘৰলৈ ৰাওঁনা হোৱাৰ সময়তে বিদ্যায়লয় সমুখৰ আলিৰ দ-খাৱৈত বাগৰি পৰে।
গাড়ীৰ ভিতৰত আৱদ্ধ শিশুকেইটাক উদ্ধাৰৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী ঘটনাস্থলীত উপস্থিত হৈয়ে আহত সকলক ততাতৈয়াকৈ লৈ যোৱা হয় নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা অসামৰিক চিকিৎসালয়ত।
চিকিৎসালয়ত গাড়ীৰ খুন্দাত আহত হোৱা চাইকেল আৰোহী জনকো লৈ যোৱা হয়। চিকিৎসকে আহত হোবা শিশুসকল বিপদমুক্ত বুলি ইতিমধ্যে ঘোষণা কৰিছে।