ষ্টাফ ৰিপ’ৰ্টাৰ:
ঘাটমাউৰা অলি কছাৰীক সৰুতেই তুলি-তালি ডাঙৰ কৰা ভাতৃ মনোজ মাছাৰীক দাৰে উপৰ্যুপৰি ঘাপ মাৰি নৃশংসভাৱে হত্যা কৰে অলি কছাৰীয়ে । ৰংজুলুৰ ৰৌমাৰীৰ ৫১ বছৰীয়া মনোজ মাছাৰীৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী ৰূপে উপস্থিত আছিল তেওঁৰেই পত্নী আৰু কন্যা।
অসহায় পত্নী-কন্যাই অলি কছাৰীক বাৰম্বাৰ কাকুতি-মিনতি কৰাৰ পিছতো সৈমান কৰিব পৰা নাছিল কোনেও। ঘটনা সংঘটিত কৰাৰ পিছতেই পলায়ন কৰা অলি কছাৰীক ৰংজুলী থানাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
আনহাতে, মনোজ মাছাৰীক ৰংজুলি হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁ মৃত বুলি ঘোষণা কৰে। বিজেপিৰ বুথ কমিটিৰ সভাপতিৰ দায়িত্বত থকা মনোজ মাছাৰীৰ হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ।
তুলি তালি ডাঙৰ কৰা মনোজক অলিয়ে কিয় এনেদৰে নিৰ্মমভাৱে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। নিশা ভাত খাই মনোজ চোতালত ঘূৰি থকা অৱস্থাতে অলিয়ে সংঘটিত কৰে এই ঘটনাটো। মনোজৰ হত্যাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ কথাৰো এক চৰ্চা চলিছে অঞ্চলটোত।