স্বাস্থ্য প্ৰতিবেদন:
ডায়াবেটিছত ভিজাই থোৱা আখৰোট খোৱাৰ প্রথম উপকাৰিতা হ’ল ই ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখে। যদি আপুনি ৰুটিন মতে মাত্র ২-৩টি আখৰোট খায় তেতিয়াহ’লে ই আপোনাক টাইপ -২ ডায়াবেটিছৰ সম্ভাৱনাৰ পৰা বচাব পাৰে।
২. হার্টৰ যত্ন লয়
আখৰোট খোৱাটো হার্টৰ পক্ষে অতি কার্যকৰী। ওমেগা থ্রি এচিড সমৃদ্ধ হোৱাৰ কাৰণে আখৰোট ৰক্তচাপ নিয়ন্ত্রণৰ বিশেষজ্ঞ, যি হার্টৰ পক্ষে অত্যন্ত গুৰুত্বপূর্ণ। ইয়াৰ উপৰি শৰীৰত ভাল কলেষ্টেৰল সৃষ্টিতো আখৰোটৰ গুৰুত্বপূর্ণ ভূমিকা আছে। সেয়ে আপুনি যদি কোনো হৃদৰোগৰ সমস্যাত পৰিছে তেতিয়াহ’লে আখৰোট খোৱা আৰম্ভ কৰক।
৩. কেন্সাৰৰ সম্ভাৱনা হ্রাস কৰে
বহু গৱেষণা প্ৰায়েই বাদামৰ স্বাস্থ্য গুণ সন্দৰ্ভত কৰা হয়। এনে এটি গৱেষণা অনুসৰি, প্রতিদিনে আখৰোট খালে প্রোষ্টেট, স্তন আৰু কলোৰেক্টাল জাতীয় বিপজ্জনক কেন্সাৰক দূৰৈত ৰখাত সহায় কৰে। ইয়াৰ কাৰণ বাদামত পলিফেনল ইলাজিটান্নিনছ নামৰ এটি উপাদান আছে যিয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজত সহায় কৰে। ইয়াৰ উপৰি ইয়াত থকা এন্টিঅক্সিড্যান্ট কেন্সাৰৰ কোষবোৰক উন্নত হ’ব নিদিয়ে। ইয়াৰ উপৰি ভিজোৱা আখৰোট খালে হৰমোনৰ ভাৰসাম্যও ঠিকে থাকে।
সাৱধানতা
আনহাতে, বেছি আখৰোট খোৱাৰ ফলত ছালৰ সমস্যা হ’ব পাৰে কেৱল সেয়াই নহয়, অতিৰিক্ত খালে ডায়েৰিয়াৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।বেছি আখৰোট খোৱাৰ ফলত বমিভাব হ’ব পাৰে।
গর্ভৱতী মহিলাসকল আখৰোটৰ পৰা দূৰত থকা উচিত।