স্বাস্থ্য প্ৰতিবেদন:
কেৰালা পছন্দ কৰা নকৰা দুয়ো প্ৰকাৰৰ লোক আছে। যদি আপুনি কেৰালাৰ স্বাস্থ্যৰ সুবিধাবোৰ সম্পর্কে জানে তেতিয়াহ’লে আপুনি অবাক হব যে ইমান তিতা হোৱা সত্ত্বেও ই কেনেদৰে স্বাস্থ্যৰ উপকাৰ কৰে।
আপোনাৰ যদি তীব্র বিষ হয় তেতিয়াহ’লে কেৰালাৰ পাত পিহি কপালত লগাওক। ইয়াৰ ফলত মূৰৰ বিষ উপশম হ’ব।
মুখৰ আলছাৰৰ চিকিৎসাত কেৰালা
বহু সময়ত মানুহে মুখৰ আলছাৰ চিকিৎসাৰ বাবে বিপৰীত ব্যৱস্থা গ্রহণ কৰে। ফলস্বৰূপে, মুখৰ ঘা ঠিক ন’হৈ অধিক বেয়া হয়। কেতিয়াবা কেতিয়াবা ই কেন্সাৰ ৰূপো লয়।
পিছে আতঙ্কিত হোৱাৰ প্ৰয়োজন নাই। পৰিবর্তে কেৰালাৰ ব্যৱহাৰ কৰক। কেৰালাৰ ৰস লগাওক। ইয়াত মুলতানি মাটি যুক্ত কৰি এটি পেষ্ট তৈয়াৰ কৰক আৰু লগাওক।মুলতানি মাটি নাথাকিলে তুলাৰ সৈতে ইয়াৰ ৰস লগাব পাৰে।