ASSAM TIMES POST
গোলাঘাটঃ ‘শিশু সাহিত্যৰ উন্নয়নৰ বাবে বৰ্তমান অসমৰ বিশ্ববিদ্যালয়সমূহ আগবাঢ়ি আহিছে। অসমৰ বহু প্ৰতিষ্ঠিত সাহিত্যিকেও শিশু সাহিত্যৰ বাবে আগবাঢ়ি নাহে। এনে সময় আছিল যি সময়ত অসমৰ প্ৰতি গৰাকী পুৰোধা সাহিত্যিকে শিশু সাহিত্য সৃষ্টি কৰিছিল।’, এই মন্তব্য বিশিষ্ট শিশু সাহিত্যিক, মৌচাক মামা শান্তনু তামুলীৰ।
গোলাঘাটত শনিবাৰে লেখিকা সুৰাঙ্গনা হাজৰিকাই ৰচনা কৰা শিশুৰ গল্প পুথি ‘দোকমোকালিৰ বেলি’ উন্মোচন কৰি শিশু আলোচনী মৌচাকৰ সম্পাদকগৰাকীয়ে এনেদৰে মন্তব্য কৰে৷ সাহিত্যিকগৰাকীয়ে আক্ষেপেৰে কয় যে পূৰ্বতে অসম সাহিত্য সভাই বহু শিশু গ্ৰন্থ প্ৰকাশ কৰিছিল। সেইদৰে বৰ্তমান অসম সাহিত্য সভাই শিশু সাহিত্য প্ৰকাশ কৰা নাই। শিশু সাহিত্যই এক পৰিবেশ দিছিল আজি কিন্তু এই সাহিত্য নিশকটীয়াৰ পিনে গতি কৰিছে।
শিশু সাহিত্য ৰচনা কৰোতে কাৰ কাৰণে ৰচনা কৰিছে সেই কথা বাছি কৰিব লাগে বুলিও মন্তব্য কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। গোলাঘাট শাখা সাহিত্য সভাৰ কাৰ্যালয় পণ্ডিত হেমচন্দ্ৰ গোস্বামী স্মৃতি ভৱনত শাখা সাহিত্য সভাৰ সভানেত্ৰী অপৰাজিতা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গ্ৰন্থখনৰ প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামী, শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ডাঃ অজিত বৰুৱা আৰু পূণ্যেশ্বৰ পূজাৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য গগৈ। গ্ৰন্থ উন্মোচনী সভাৰ উদ্যোক্তা পলাশ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত গীত পৰিবেশন কৰে স্বাক্ষী খাৰঘৰীয়াই।













