![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বিগত সময়ছোৱাত পেট্র’লজাত সামগ্রীৰ ব্যাপক হাৰত মূল্যবৃদ্ধিৰ প্রসংগই সমগ্র দেশজুবি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰি অহাৰ সময়তে ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছৰ উদ্যোগত আজি কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ পেট্র’ল ডিপোসমূহত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়।
বিৰোধী দলটোৱে আজি দুয়োখন জিলাৰ এঘাৰটাকে ব্লক সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত পেট্র’ল-ডিপোসমূহৰ চৌহদত পুৱা দহ বজাৰ পৰা তিনি ঘন্টীয়া কার্যসূচীৰে পেট্র’লজাত সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্রতিবাদ সাব্যস্ত কৰে।

জিলাখনৰ লাংছ মেপীব্লক কংগ্রেছ সমিতিৰ উদ্যোগত আজি বকলীয়াঘাটনগৰৰ মাজমজিয়াত থকা একমাত্র পেট্র’ল ডিপোটোৰ চৌহদত অৱস্থান কৰি পেট্র’লজাত সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰীসকলে হাতে হাতে পেট্র’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক’, ‘তুলিৰাম ৰংহাং হুচিয়াৰ’, ‘হিমন্ত বিশ্ব শর্মা হায় হায়’, আদি শ্লোগান সম্বলিত প্লেকার্ড প্রদর্শন কৰি প্রতিবাদ সাব্যস্ত কৰে।
প্রতিবাদকাৰীসকলে লগতে পেট্র’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক’, ‘নৰেন্দ্র মোডী হুচিয়াৰ, সর্বানন্দ সোণোৱাল হুচিয়াৰ, হিমন্ত বিশ্ব শর্মা হুচিয়াৰ, তুলিৰাম ৰংহাং হুচিয়াৰ’, চুম ৰংহাং হুচিয়াৰ ‘কংগ্রেছ আই জিন্দাবাদ, ছোনিয়া গান্ধী জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ আদি
শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।












