নিউজ ডেক্স:
ড্ৰাইভিং লাইচেঞ্চ সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ নথি। আপোনাৰ যদি ড্ৰাইভিং লাইচেঞ্চ নাথাকে আৰু আপুনি গাড়ী চলাবলৈ গৈ ধৰা পৰে তেন্তে আপোনাৰ ৫ হাজাৰ টকা জৰিমনা হ’ব।
আনহাতে, ড্ৰাইভিং লাইচেঞ্চ পোৱাটোও আজিকালি এক কঠিন কাম হৈ পৰিছে। যেতিয়াৰে পৰা চৰকাৰে অনলাইনত ড্ৰাইভিং লাইচেঞ্চ বনোৱা আৰম্ভ কৰিছে, তেতিয়াৰে পৰা সমস্যা কিছু কমিছে।
এনে পৰিস্থিতিত চৰকাৰে জনতাৰ সমস্যাৰ কথা বিবেচনা কৰি লাইচেঞ্চ বনোৱাৰ নতুন নিয়ম কৰি ব্যৱস্থাটো সহজ কৰিবলৈ লৈছে। নতুন নিয়ম সম্পৰ্কে জানো আহকচোন ।
কেন্দ্ৰীয় চৰকাৰ আৰু পৰিবহণ মন্ত্ৰণালয়ৰ নিয়ম অনুসৰি, ড্ৰাইভিং লাইচেঞ্চ পাবলৈ আপুনি RTO অফিচত ড্ৰাইভিং পৰীক্ষা দিব লাগে। আপুনি যদি এই পৰীক্ষাত অকৃতকাৰ্য হয় তেন্তে আপুনি ড্ৰাইভিং লাইচেঞ্চ নাপাব। এনে পৰিস্থিতিত বহু আবেদন বাতিলো হয়।
সকলো ঠিকে থাকিলে মন্ত্ৰণালয়ে আগন্তুক দিনত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰক স্বীকৃতি দিব। যিসকলে এই ড্ৰাইভিং প্ৰশিক্ষণ স্কুলত শিকিব, তেওঁলোকৰ লাইচেঞ্চ কোনো পৰীক্ষা অবিহনেই প্ৰদান কৰা হ’ব।
ইয়াৰ বাবে পৰিবহণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তি জাৰি কৰি সাধাৰণ ৰাইজৰপৰা পৰামৰ্শ বিচাৰিছে। আপনিও যদি আপোনাৰ পৰামৰ্শ দিব বিচাৰে, তেন্তে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ ৱেবছাইটত পৰামৰ্শ দিব পাৰে।
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে এই নিয়ম কাৰ্যকৰী কৰাৰ পিছত চৰকাৰে ড্ৰাইভিং চেণ্টাৰসমূহৰ বাবে কিছু নিয়ম প্ৰস্তুত কৰিব। যিসমূহ ড্ৰাইভিং চেণ্টাৰে এই নিয়মসমূহ অনুসৰণ কৰিব, সেই চেণ্টাৰসমূক চৰকাৰে স্বীকৃতি দিব আৰু কেৱল মাত্ৰ সেইসমূহ ড্ৰাইভিং লাইচেঞ্চকহে বৈধ বুলি স্বীকৃতি দিয়া হ’ব।