ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাওঁ : নগাঁৱত এগৰাকী মহিলা জোৱান নিৰ্মালী নাথৰ সৈতে সংঘটিত হোৱা কৰুণ ঘটনাই নগাঁৱৰ ৰাইজক শোকস্তব্ধ কৰি তুলিলে। নগাওঁ যান-বাহন আৰক্ষীৰ মহিলা জোৱান নিৰ্মালীক কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ নিবলৈ অহা সময়ত তেওঁৰ স্বামী ৰাজীৱ বৰাক ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত তীব্ৰ বেগী মাটি কঢ়িওৱা ট্ৰাকে মহতিয়াই নিয়ে আৰু তেওঁ থিতাতে নিহত হয়।
আনহাতে, তেওঁৰ সৈতে স্কুটীত আছিল পৰিয়ালৰে এটি কণমানি শিশু। জানিব পৰা মতে, দূৰ্ঘটনা সংঘটিত হোৱা সময়ত নিৰ্মালী বৰা হয়বৰগাওঁত কৰ্তব্যৰত হৈ আছিল আৰু এই খবৰ পাই তেওঁ কৰ্তব্যস্থলীতে সংজ্ঞাহীন হৈ পৰে। নিৰ্মালীৰ কাতৰ চিঞৰে ইতিমধ্যে সমগ্ৰ অঞ্চলটোত শোকৰ চাঁ পেলাইছে।
আনহাতে দুৰ্ঘটনাত এগৰাকী কণমানি শিশুও আহত হয়। ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শীৰ মতে, বহু সময় ধৰি ৰাজীৱ বৰাৰ নিঠৰ দেহৰ ওচৰত শিশুটিয়ে কান্দি আছিল যদিও কোনেও সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে আটক কৰে যদিও বৰ্তমানলৈকে ট্ৰাকৰ ট্ৰাকচালক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অপাৰগ।
উল্লেখ্য যে, ২০২০ বৰ্ষৰ ৯ ডিচেম্বৰত নগাঁও যান-বাহন আৰক্ষীৰ মহিলা জোৱান নিৰ্মালী নাথৰ সৈতে ধিং গেটৰ নবীন নগৰৰ ৰাজীৱ বৰাৰ বিবাহ সম্পন্ন হৈছিল। এপিডিচিএলত কৰ্মৰত ৰাজীৱ বৰাৰ মৃত্যুত সমগ্ৰ নগাঁৱয়ে শোকস্তব্ধ হৈছে। প্ৰতিদিনেই ৰাজ্যত উদণ্ড ট্ৰাক চালকৰ অতপালিৰ বাবে এইদৰে বহু পৰিয়ালৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।













