ষ্টাফ ৰিপ’ৰ্টাৰ:
সোমবাৰে নিশা অৰুণাচলত এগৰাকী অজ্ঞাত ব্যক্তিয়ে যধে-মধে গুলীচালনা কৰি সংঘটিত কৰে ভয়ংকৰ পৰিস্থিতিৰ। পাপুম পাৰে জিলাৰ কিমিনত হোটেলত সন্ধিয়া ৭ মান বজাত আৰম্ভ কৰা এই গুলীচালনাৰ ঘটনাত উক্ত হোটেলত ব্যৱসায় কৰা ২৭ বছৰীয়া জয়ন্তৰ সোঁহাতত গুলী লগাৰ উপৰিও গুলীৰ শব্দ শুনি মেনেজাৰ টেবুললৈ অহা ১৬ বছৰীয়া শীবা নামৰ সহায়ক জনকো অজ্ঞাত ব্যক্তিজনে গুলীচালনা কৰে। দুয়োকে ততাতৈয়াকৈ নাহৰলগুনৰ টমো ৰিবা মেডিকেল কলেজলৈ অনা হয় যদিও শীবাৰ শৰীৰৰ পৰা বৰ্তমানলৈও উলিয়াব পৰা নাই গুলীটো।
সোমবাৰে আবেলি শীবাৰ অস্ত্ৰোপচাৰ কৰা হ’ব বুলি পাপুম পাৰে জিলাৰ অধীক্ষক নীলম নেগাই জানিবলৈ দিয়ে। অজ্ঞাত লোক জনৰ আৰক্ষীয়ে অভিযান চলাইছে যদিও এই পৰ্যন্ত আটক কৰিব পৰা নাই। আহত দুয়োজন যুৱক অসমৰ লক্ষীমপুৰ জিলাৰ চিলনিবাৰীৰ দিজু নামৰ ঠাইখনৰ ।
এই ঘটনাৰ পাছত গুলীচালনা কৰা ব্যক্তিজনক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত দিজু এলেকাত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে । গুলীচালনা কৰা লোকজনে মুখা পিন্ধি আহিছিল আৰু ঘটনা সংঘটিত কৰি খোজ কাঢ়িয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।