নিউজ ডেস্কঃ
অস্কাৰৰ মনোনয়ন পৰ্যায়ত শ্রেষ্ঠ আন্তর্জাতিক ফিচাৰ ছবিৰ তালিকাত ভাৰতৰ ‘জল্লিকট্টু’ৱে মনোনয়ন লাভ নকৰিলেও দেশৰ মান ৰাখিছে চুটি ছবি ‘বিট্টু’ই৷
কৰিশ্মা দেৱ ডুবেৰ পৰিচালনাত নিৰ্মিত চুটি ছবি ‘বিট্টু’ই প্রথম দহৰ ভিতৰত স্থান লাভ কৰিছে ‘লাইভ একচন শ্বর্ট ফিল্ম শ্বর্টলিষ্ট’ত। এটি সঁচা ঘটনাৰ অৱলম্বনত নিৰ্মিত এই ছবিখন দুই স্কুল শিক্ষাৰ্থী বন্ধুৰ কাহিনী। ছবিখনে বিশ্ব দৰবাৰত স্বীকৃতি পোৱাৰ খবৰ পোৱা মাত্ৰেই নেট জগতত উচ্ছ্বাস প্রকাশ কৰে একতা কাপুৰ, তাহিৰা কাশ্যপ আদিয়ে। ‘ইণ্ডিয়ান উইমেন ৰাইজিং’ নামৰ এটি প্রকল্পৰ অংশ ‘বিট্টু’। দেশত চিনেমা জগতৰ সৈতে জড়িত মহিলাসকলৰ কাম পোহৰলৈ আনিবলৈ প্রকল্পটি গঠন হৈছে চলচ্চিত্র প্রযোজক একতা কাপুৰ, গুণিত মোঙ্গা আৰু লেখক তাহিৰা কাশ্যপৰ উদ্যোগত। আৰম্ভণিতেই এনে স্বীকৃতি লাভ কৰি অতিশয় আনন্দিত তেওঁলোক। আনহাতে, এই খবৰ প্ৰকাশৰ পিছতে ‘বিট্টু’ৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছে বিদ্যা বালনৰ পৰা আৰম্ভ কৰি সন্ধ্যা মৃদুলৰ দৰে বহু তাৰকাই।
উল্লেলখ্য, ২০১৯ চনত মুক্তি পোৱা মালায়ালম ছবি ‘জল্লিকট্টু’ক লৈ এইবাৰ আশাৰ ৰেঙনি দেখিছিল দেশবাসীয়ে। বিশ্বৰ দৰবাৰত ছবিখনে ভাৰতৰ নাম উজ্জ্বল কৰিব বুলি বিশ্বাস কৰিছিল বহুতেই। কিন্তু ছবিখনে স্থান নাপালেও, ‘বিট্টু’ৰ সাফল্যত আনন্দিত সকলো।