![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকাত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২০জনৰো অধিক। লংকাৰ ৩নংকাকী নাথ গাঁওত বিষক্ৰিয়াৰ ঘটনা। গীতা পাঠৰ প্ৰসাদ গ্ৰহণ কৰি অসুস্থ হৈ পৰে লোকসকল। অসুস্থসকলৰ মাজত ৫টি শিশুকে ধৰি পুৰুষ-মহিলাসহ কুৰিৰো অধিক ব্যক্তিসকল সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে।
ইয়াৰে লক্ষীৰাম বৰা নামৰ বয়োবৃদ্ধ লোকজনৰ অৱস্থা কিছু সংকটজনক। সোমবাৰে নিশা মাধৱ চন্দ্ৰ নাথ নামৰ লোকজনৰ ঘৰত অনুষ্ঠিত হৈছিল গীতা পাঠ। মাধৱ চন্দ্ৰ নাথে স্থানীয় মইনাপুৰ বজাৰৰ এজন ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিছিল বুট-মগু। গীতা পাঠৰ অনুষ্ঠানলৈ নগৈ ঘৰতে প্ৰসাদ গ্ৰহণ কৰা ব্যক্তিও আক্ৰান্ত হোৱাত বুট-মগুৰ পৰায়েই বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰা হৈছে।












