![]()
নগাঁও : নগাঁও সদৰ সমষ্টিত উন্নয়নৰ ধাৰা অক্ষুন্ন ৰাখি আজি নগাঁও পৌৰসভা এলেকা আৰু গাঁও পঞ্চায়তৰ ৮টাকৈ পথ উদ্ধোধন কৰাৰ লগতে কেইবাটাও সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ আন্ত:গাঁথনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই। উন্নয়ন মূলক কামসমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই কয়- জনসাধাৰণৰ কল্যাণৰ হৈ কাম কৰা এক সপোন মনত পুহি ৰাখিছো। এই সপোনক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যেই নগাঁও সদৰ বিধানসভা সমষ্টিত উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰি আহিছো। সদৰ সমষ্টিক ৰাজ্যখনৰ এটি লেখতলবলীয়া সমষ্টি হিচাপে গঢ়ি তুলিবৰ বাবে অহৰহ চেষ্টা কৰি আহিছো। আশা কৰিছো পথ আৰু অনুষ্ঠানসমূহৰ উন্নয়নে সমষ্টিবাসী ৰাইজক যথেষ্ঠ উপকৃত কৰিব। আজি কামৰ শুভাৰম্ভ কৰা নগাঁও পৌৰসভা এলেকাৰ পথসমূহ হৈছে ক্ৰমে মৰিগাঁও বাছ আস্থানৰ সমীপৰ হয়বৰগাঁও বজাৰ পথ, ৬নং ৱাৰ্ডৰ ডাকোৱাল গাঁও উপপথ আৰু ভগীৰথ বৰদলৈ পথ, ১৯নং ৱাৰ্ডৰ লাচিত পথ।

ইয়াৰোপৰি সমষ্টিটোৰ কেইবাটাও পঞ্চায়তত ৰাজ্যৰ স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ জৰিয়তে নিৰ্মাণ হবলগীয়া কেইবাটাও পথৰ কামৰো আজি শুভৰাম্ভ কৰা হয়। পথসমূহ হৈছে ক্ৰমে ঢেপাজান কোটায়নি গাঁৱৰ পৰা ডাকৰঘাট পঞ্চায়তৰ তেতেলীতললৈকে, হাতীপাৰা সিং গাঁও পথ, নগাঁও দক্ষিণপাট কামপুৰ সংযোগী পথৰ পৰা বেচামাৰী হৈ ননৈ দক্ষিণপাট পথ, ঘূৰীয়া গাঁও হৈ বৰপানীগাঁৱৰ পৰা কাটনীগাঁও পথ।
ইয়াৰোপৰি আজি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ দ্বাৰা আন্তঃগাঠনি উন্নয়ন হবলগীয়া নগাঁও চহৰৰ আমোলাপট্টি অঞ্চলৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান ক্ৰমে নগাঁও নাট্য সমিতি, আমোলাপট্টি পূজা সমিতি আৰু শ্মশানঘাট শিৱমন্দিৰৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই।













