![]()
আজি ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰে খানাপাৰাত বিজেপিৰ অসম প্ৰদেশৰ নিৰ্বাচনী সংবাদ কোষ কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত তেখেতে কয় যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ শাসনকালত সাম্প্ৰতিক অসমৰ চৌদিশে বিকাশৰ এক নতুন জোৱাৰ উঠিছে। পূৰ্বৰ চৰকাৰক সমালোচনা কৰি তেখেতে কয় যে ৫ বছৰৰ আগতে অসমত ভ্ৰষ্টাচাৰৰ ৰাজ চলিছিল, আইন-কানুনৰ ব্যৱস্থা অত্যন্ত শোচনীয় আছিল। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰাই অসমৰ এনে ব্যৱস্থাক ধূলিস্যাত কৰি সৰ্বদিশত সৰ্বোন্নতি হোৱাটো সম্ভৱ হৈছে। ইয়াৰ বাবে টোমৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষভাবে কৃতজ্ঞতা জনায়।

আজিৰ ভাষণত প্ৰভাৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ সকলো কাৰ্যকর্তাৰ কামকাজত সন্তুষ্ট বুলি প্ৰকাশ কৰি কয় যে দলৰ কাৰ্যকর্তাসকলৰ সক্ৰিয়তা আৰু দক্ষতাৰ আধাৰত ভাৰতীয় জনতা পাৰ্টিয়ে অতি সহজেই ১০০ৰো অধিক আসন লাভ কৰি পুনৰবাৰ চৰকাৰ গঠন কৰিব।

আজিৰ এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাস, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত আছিল।













