ASSAM TIMES POST
প্ৰশান্ত বৰা, বকলীয়াঘাটঃ হাওৰাঘাট থানাৰ উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত লাংপী দেহাংগী গাঁৱলীয়া বেংকৰ উত্তৰ বৰবিল শাখাত চোৰে চলালে উপদ্ৰৱ৷ উত্তৰ বৰবিল বজাৰস্থিত এই গ্ৰামীণ বেংকটোৰ কাৰ্যালয় গৃহৰ ভেন্টিলেটৰ ভাঙি চোৰ প্ৰৱেশ কৰে ভিতৰত৷
শনিবাৰ আৰু দেওবাৰে বেংকটো বন্ধ আছিল৷ তাৰ মাজতেই চোৰে সংঘটিত কৰে এই চুৰিকাণ্ড৷ সোমবাৰে পুৱা বেংক কৰ্মীয়ে বেংকত প্ৰৱেশ কৰি প্ৰত্যক্ষ কৰে এই অঘটন৷ ভেন্টিলেটৰ ভাঙি বেংকৰ ভিতৰত প্ৰৱেশ কৰা চোৰে বেংকৰ বিভিন্ন আচবাব, নথি-পত্ৰ লণ্ড-ভণ্ড কৰে৷
সৌভাগ্য এয়ে যে চোৰে নিব নোৱাৰিলে কোনো ধন কিম্বা মূল্যৱান সামগ্ৰী৷ সম্প্ৰতি উত্তৰ বৰবিল আৰক্ষীৰ দ্বাৰস্থ হৈছে বেংক কৰ্তৃপক্ষ৷ চুৰিকাণ্ডৰ বাবে সোমবাৰে বন্ধ ৰখা হয় গ্ৰামীণ বেংকটোৰ লেন-দেন তথা অন্যান্য কাম-কাজ৷