বিশেষ প্ৰতিবেদন:
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ খনিকৰ গাঁৱৰ নিবাসী অজয় দে’ আৰু তেওঁৰ জীয়ৰী ঋতিকা দে’য়ে বিভিন্ন পেঞ্চিল স্কেছ্ আৰু অইল পেইণ্টিং কৰি ইণ্ডিয়া বুক অফ্ ৰেকৰ্ডচ্ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ কৰ্মসূত্ৰে অজয় দে’ বল’চিং মেম’ৰিয়েল বিদ্যালয়ৰ ছবিৰ শিক্ষক আৰু সেইখন বিদ্যালয়ৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কন্যা ঋতিকা ৷
অজয় দে’য়ে মহাপুৰুষ শংকৰদেৱ, সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু ভগৎ সিঙৰ বহুসংখ্যক ছবি মাত্ৰ ১৭মিনিট সময়ত অংকন কৰি অভিলেখ সৃষ্টি কৰাৰ বাবে এই বঁটা পাবলৈ সক্ষম হয় ৷ আনহাতে ঋতিকায়ে আঁকিছিল মহাত্মা গান্ধী, ভূপেন হাজৰিকা আৰু বহুবোৰ কাৰ্টুন চৰিত্ৰৰ ছবি ৷ দুয়োজনৰে নাম সন্নিৱিষ্ট হৈছে ২০২১চনৰ ইণ্ডিয়া বুক অফ্ ৰেকৰ্ডচ্ত ৷