![]()
নিউজ ডেস্কঃ
স্বামী বিবেকানন্দৰ স্বদেশ প্ৰত্যাৱৰ্তনৰ ১২৫ বৰ্ষপূৰ্তি উপলক্ষে বৰপেটাৰোডত স্থাপিত ব্ৰঞ্জৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।
অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, “স্বামী বিবেকানন্দৰ আদৰ্শক জীৱন্ত কৰি ৰাখি নতুন প্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আগুৱাই যাবলৈ উৎসাহ দিব এই প্ৰতিমূৰ্তিয়ে।”
তেওঁ লগতে স্বামী বিবেকানন্দ ভাব-দৰ্শন কেন্দ্ৰৰ উদ্যােগত অনুষ্ঠিত এই সম্পূৰ্ণ কাৰ্যক্ৰমত উপস্থিত থাকি যথেষ্ট আপ্লুত হোৱাৰ লগতে সকলোৰে চিন্তা-চেতনাই মনৰ শক্তিক প্ৰেৰণা দিয়া বুলি উল্লেখ কৰে।
আনহাতে, সৰভোগ সমষ্টিবাসী জনতাৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৰঞ্জিত দাসে৷













