নিউজ ডেস্কঃ
নতুন বিত্তীয় বৰ্ষৰ বাজেট দাখিলৰ পিছত আয়কৰৰ নিয়মত অনা হ’ব বিশেষ কিছু পৰিবর্তন। এই পৰিবর্তন ১ এপ্রিলৰ পৰাই হ’ব বুলি জনা গৈছে। কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা আয়কৰৰ ফাইলিং বৃদ্ধিৰ ক্ষেত্রত টিডিএছৰ ক্ষেত্রত কিছু নিয়মৰ পৰিবর্তন কৰা হৈছে। যাৰ ফলত যিসকলে ইমান দিনে আই টি আৰ ফাইল কৰা নাই, তেওঁলোকৰ সমস্যা হ’ব পাৰে বুলি জনা গৈছে। এতিয়াৰে পৰা আই টি আৰ ফাইল নকৰিলেই টিডিএছৰ বাবদ দিব লাগিব দুগুণ ধন।
বিত্তমন্ত্রীয়ে প্রি ফিল্ড আই টি আৰৰ কথা উল্লেখ কৰিছিল, যাৰ ফলত কৰ্মচাৰীসকলৰ আয়কৰ ৰিটার্ন জমা কৰাত বহুখিনি সুবিধা হ’ব। সেই প্রক্রিয়াও অহা ১ এপ্রিলৰ পৰা আৰম্ভ হ’বলৈ আগবাঢ়িছে। যিসকল ৭৫ বছৰ বা তাৰ ঊর্ধত পেঞ্চনভোগী আছে তেওঁলোকে এতিয়াৰে পৰা আৰু দিব নালাগে আয়কৰ ৰিটার্ন।
এইবাৰৰ বাজেট দাখিলত বিত্তমন্ত্রীয়ে উল্লেখ কৰিছিল, ৱেজ কোডৰ কথা। আৰু এইটো যদি কার্যকৰী কৰা সম্ভব হয়, তেনেহ’লে খুব সহজতেই কমি যাব টেক হোম ছেলাৰিৰ অঙ্ক। যাৰ ফলত অৱসৰকালীন সঞ্চয়ৰ পৰিমাণ কমিব বহুখিনি। কিন্তু মনত ৰাখিব লাগিব যে এই নিয়ম প্ৰযোজ্য হ’ব কৰ্মচাৰীসকলৰ ভাগৰ প্রোভিডেন্ট ফান্ডৰ ওপৰত।