ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৩৯ সংখ্যক অধিৱেশন সম্পন্ন

১১৯০৫.৫০ লাখ টকাৰ ঘাটি বাজেট উত্থাপন তুলিৰাম ৰংহাঙৰ

News Desk by News Desk
February 20, 2021
Reading Time: 1min read
0

RELATED POSTS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৩৯ সংখ্যক অধিৱেশনখন আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় প্ৰাংগনত অনুষ্ঠিত হৈ যায়। উক্ত অধিৱেশনত ২০২১-২০২২ বৰ্ষৰ বাবে বাজেট উত্থাপন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে । বাজেট উত্থাপন কৰি প্ৰদান কৰা ভাষণত পৰিষদৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ১১৯০৫.৫০ লাখ টকাৰ ঘাটি বাজেট উত্থাপন কৰা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, পৰিষদৰ নিজা উৎসৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ ১১০২৮ লাখ টকা হোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিবলগীয়া সাহায্য তথা অন্য উৎসৰ পৰা আহিবলগীয়া ধনৰ পৰিমাণ ৪৭৫০ লাখ টকাকে ধৰি পৰিষদৰ মুঠ পুঁজিৰ পৰিমাণ ১৫৭৭৮.০০ টকা হোৱাৰ বিপৰীতে ব্যয়ৰ বাবে ধাৰ্য্য কৰা ধনৰ পৰিমাণ ২৭৬৮৩.৫০ লাখ টকা।

অৱশ্যে, আজি সদনত দাখিল কৰা বাজেট অনুসৰি পৰিষদৰ তৰফৰ পৰা ভালেকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰা হৈছে। সেই অনুসৰি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন পৰিষদীয় সদস্যসকলৰ পেঞ্চনৰ বাবদ ২৬০ লাখ টকা ধাৰ্য্য কৰা হৈছে । ঠিক সেইদৰে ২৩০০ লাখ টকা ব্যয়সাপেক্ষে শ্বিলঙত কাৰ্বি ভৱন নিৰ্মাণ, ২০২১-২২ বৰ্ষত ৰাজহৰ পৰিমাণ ১৮৭৫ লাখ টকালৈকে বৃদ্ধি কৰা, কাৰ্বি ভাষা শিক্ষকৰ মাননিৰ বাবদ ১২৭৭ লাখ টকা, কাৰ্বি ভাষাৰ আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰাৰ বাবে দহ লাখ টকা ধাৰ্য কৰা হৈছে।

আনহাতে, জিলাখনৰ লেখক আৰু সাংবাদিকসকলৰ বীমাৰ প্ৰিমিয়ামৰ বাবে ৫৬০ লাখ টকা, কাৰ্বি যুৱ মহোৎসৱৰ বাবে ১০০ লাখ টকা তথা কাৰ্বি লাম্মেত আমেইৰ ২০২১-২২ বৰ্ষৰ বাবে ৪০ লাখ টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰি নগৰ এলেকা উন্নযনৰ বাবে দুই কোটি, তথ্য আৰু প্ৰযুক্তিৰ বাবে ৯৮ লাখ, প্ৰাকৃতিক দুৰ্যোগৰ বাবে এক কোটি, ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে দহ লাখ, পথ-দলঙৰ মেৰামতিৰ বাবে ৫০ লাখ টকা ধাৰ্য কৰা হৈছে। ডিফুত কেইবা তৰপীয়া পাৰ্কিং, কমাৰ্চিয়েল বিল্ডিং আৰু পৰিষদৰ অতিথিশালা নিৰ্মাণৰ বাবেও বাজেটত ৫০০০ লাখ টকা ধাৰ্য কৰা হৈছে ।

ADVERTISEMENT

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে মূলতঃ বন তথা বনজ সম্পদৰ পৰাই অধিক ৰাজহ সংগ্ৰহ কৰে যদিও এইক্ষেত্ৰত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ বাধা নিষেধৰ বাবে পৰিষদৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস পোৱা বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। আনহাতে যান বাহনৰ কৰৰ বিনিময়ত ৰাজ্য চৰকাৰৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে লাভ কৰিবলগীয়া ৬০০০ লাখ টকা অহা বিত্তীয় বৰ্ষৰ ভিতৰতে লাভ কৰিব বুলি বাজেট ভাষণত আশা প্ৰকাশ কৰাা হয়।

Like this:

Like Loading...

Related

Tags: Featured
Share6Tweet4Send
News Desk

News Desk

Related Posts

ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ
ALL NEWS

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

by Staff Reporter
February 25, 2021
50
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই
ALL NEWS

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

by Staff Reporter
February 25, 2021
52
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ
ALL NEWS

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

by Staff Reporter
February 25, 2021
52
অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে
ALL NEWS

অকলশৰীয়া ব্যক্তিৰ বাবে পৃথক মন্ত্ৰালয় খুলিলে জাপানে

by Staff Reporter
February 25, 2021
51
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-
ALL NEWS

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-

by Staff Reporter
February 25, 2021
51
২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-
ALL NEWS

২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-

by Staff Reporter
February 25, 2021
52
covid-19 widget
521165
Total views : 2009694
Who's Online : 9
ভাৰতত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা-ব্ৰাজিলীয় প্ৰজাতিৰ কৰোনাৰ সন্ধান লাভ

এখন হোষ্টেলতে ২২৯ জন আক্রান্ত ! মহাৰাষ্ট্ৰত ৪ মাহ পিছত পুনৰ ৮ হাজাৰ সংক্রমণ

February 25, 2021
প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

প্ৰবীণ শিল্পী কূল বৰুৱা আৰু নাই

February 25, 2021
বিনামূল্যে লাভ কৰিব গেছ চিলিণ্ডাৰ

এমাহত তিনিবাৰত ১০০ টকা ! মাজনিশা পুনৰ বাঢ়িল ৰন্ধন গেছৰ মূল্য

February 25, 2021

Categories

ALL NEWS (10755) Assam (7587) BREAKING NEWS (3538) Business (14) Economy (29) Editorial (7) EDUCATION-TECHNOLOGY (23) Entertainment (330) Entertrainment (207) EXCLUSIVE (121) Fashion (8) Featured (14) Features (23) Guwahati (1393) Health & Fitness (259) Jobs & Career (4) KARBI ANGLONG (1192) Lifestyle (19) literature (16) National-International (1955) NORTH-EAST (352) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (159) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: