![]()
অজন্তা তালুকদাৰ
বোকাখাত : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নেতৃত্বত বোকাখাত মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগপৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় জনপদ সমুহত পোহনীয়া গৰু-ম’হৰ বাৰ্ষিক টিকাকৰণ অভিযান ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে ৷ ব্ৰহ্মপুত্ৰৰ মাজৰ ভক্তে চাপৰিত থকা কাজিৰঙাৰ বন শিৱিৰ এলেকাত বাতৰি লিখা পৰলৈকে মুঠ ৩৯২টা গৰু-ম’হক ট্ৰায়’ভেক নামৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ এই প্ৰতিষেধকে গৰু ম’হক চবকা, জহৰবাক আৰু গল ফুলা ৰোগৰ পৰা প্ৰতিৰোধ কৰিব বুলি পশু চিকিৎসকে জনাইছে ৷ এই প্ৰতিষেধক ক্ৰয়ৰ সমুদায় ব্যয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কৰাৰ উপৰিও পশু চিকিৎসকসকলৰ চাপৰিলৈ যাতায়ত আৰু থকা খোৱাৰো সমুদায় ব্যৱস্থা কাজিৰঙাৰ কৰ্তৃপক্ষই কৰিছে ৷
আজি ভক্তি চাপৰিত টিকাকৰণৰ সফল সমাপ্তি হয় ৷ ভক্তে চাপৰিত বোকাখাতৰ বিভাগীয় পশু চিকিৎসক ডা৹ চৈয়দ মেহতাজৰ নেতৃত্বত যোৱা ১০ জনীয়া এটা দলে ভক্তে চাপৰিৰ নিকৰী গাওঁ, মেধি চুক আৰু অৰ্জুন চাপৰি অঞ্চলত প্ৰতিষেধক প্ৰদান কৰে ৷ ভক্তে চাপৰিৰ পৰা আৰম্ভ হোৱা এই টিকা প্ৰদান অভিযানেৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনৰ প্ৰতিটো বনাঞ্চলৰ দাঁতিকাষৰীয় জনপদক সামৰিব ৷
বন্যপ্ৰাণীৰ সুৰক্ষা আৰু পোহনীয়া পশুধনৰ কল্যাণৰ বাবে প্ৰতিবছৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লোৱা এই অভিযানেৰে প্ৰতি বছৰেই লক্ষাধিক পশুধনক এই প্ৰতিষেধক প্ৰদান কৰিছে ৷ ভক্তে চাপৰিৰ টিকাকৰণ অভিযান পৰিচালনা কৰে অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই ৷ অহা এমাহ ধৰি চলিব লগীয়া এই অভিযানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বোকাখাতৰ সকলো পশু চিকিৎসকেই অংশগ্ৰহণ কৰিব ৷












