আজি পুনৰ এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই উপলক্ষে ধেমাজি জিলাৰ চিলাপথাৰত আয়োজিত বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে৷ উক্ত সভাতে ৫টা প্ৰকল্প শুভাৰম্ভ কৰে মোদীয়ে৷ ভিডিও কনফাৰেন্সযোগে সভাস্থলীৰ পৰা এই প্ৰকল্পকেইটাৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে৷ বুটাম টিপি প্ৰায় ৩ হাজাৰ কোটি টকাৰ প্ৰকল্পকেইটা মুকলি কৰে তেওঁ ৷
ইয়াৰে ভিতৰত আছে হেবেৰগাঁও, মাকুমৰ গেছ প্ৰকল্প, ডিব্ৰুগড়ৰ মাকুমৰ ছেকেণ্ডাৰী টেংক ফাৰ্ম, ধেমাজি ইঞ্জিনিয়াৰিং কলেজ, বঙাইগাঁও ৰিফাইনাৰীস্থিত ইণ্ডমেক্স ইউনিট৷ আনহাতে, শুৱালকুছি ইঞ্জিনিয়াৰিং কলেজৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷ উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত থাকে পেট্ৰ’লিয়ামমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়ককে ধৰি বিভাগীয় বিষয়াসকল ৷