ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অহা ২৫ ফেব্ৰুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ কার্বি আংলং ভ্রমণৰ পূৰ্বে স্বায়ত্তৰাজ্যৰ দাবীত সৰৱ হৈ পৰিছে জিলাখনৰ দল-সংগঠন ৷
এইলৈ চিচিইউ আৰু কাঞাচাছডিকমে আজি বিয়লি পৃথকে পৃথকে সংবাদমেলৰ আয়োজন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ ভ্ৰমণৰ সময়তে পাহাৰীয়া এলেকাটোক সামৰিএখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত সৰৱ হৈ পৰে। আজি বিয়লি কার্বি ছাত্র সন্থাৰ ৰংখেলানস্থিত কার্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে জিলাখনৰ বিভিন্ন সামাজিক দল সংগঠনৰ সামুহিক মঞ্চ ‘ক’-অর্ডিনেশ্যন কমিটি ফৰ ইউনিফিকেশান চমুকৈ চি চিইউয়ে। মঞ্চৰ অন্যতম নেতা ছয়ছিং ৰংপিয়ে সংবাদমেলক সম্বোধন কৰি কয় যে কালি ডিফুৰ সমীপৱৰ্তী তাৰালাংছত জিলাখনৰ প্রায়সমূহ সামাজিক সংগঠনৰ মাজত এক গুকত্বপূর্ণ সভা অনুষ্ঠিত হৈ যায়। বিভিন্ন দল-সংগঠনৰ নেতৃবর্গ উপস্থিত থকা সংবাদমেলখনত ৰংপিয়ে উল্লেখ কৰা অনুসৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ উপস্থিতিত একাংশ সশস্ত্র সংগঠনে অস্ত্র সম্বৰণ কৰি কেন্দ্রীয় আৰু বাজ্য চৰকাৰৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিব। মঞ্চই লগতে উল্লেখ কথা অনুসৰি, পাহাৰীয়া এলেকাটোত ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ৰূপায়ণ কৰাৰ দাবীত এক দীঘলীয়া আন্দোলনৰ সূচনা হৈ আহিছে।
ইয়াৰ মাজতে ১৯৯৫ এম অ’ ইউ চুক্তি স্বাক্ষৰিত হোৱাৰ বিপৰীতে ২০১১ চনত এম অ’ এছ চুক্তি স্বাক্ষৰিত কৰা হৈছিল। কার্বি আংলঙৰ সকলো সশস্ত্ৰ সংগঠনেই সম্প্রতি অস্ত্র সম্বৰণ কৰি শান্তি প্রক্রিয়াত ভাগ লোৱাৰ ফলশ্রুতিত কার্বি আংলঙত সশস্ত্র তৎপৰতাৰ অৱসান ঘটে। সেয়েহে এনে এক পর্যায়ত জিলাখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক সমস্যাৰ অহা ২৫ ফেব্রুৱাৰীত অনুষ্ঠিত হবলগীয়া সভাতে স্থায়ী সমাধানৰ জৰিয়তে এক ইতিহাস ৰচনা কৰাৰ বাবে আহান জনায়। অস্ত্র সম্বৰণ কৰি চুক্তিত স্বাক্ষৰ কৰিবলগীয়া সংগঠনসমূহেও যাতে চুক্তি স্বাক্ষৰ কৰাৰ সময়ত কমেও ২৪৪ (ক) ৰূপায়ণৰ প্রসংগ চুক্তিত অন্তর্ভুক্ত কৰোৱাৰ বাবে দাবী জনায়। কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ কার্বি আংলং ভ্রমণৰ সময়ত যাতে স্বায়ত্বশাসিত ৰাজ্যৰপ্রসংগ উত্থাপন কৰিব পৰা যায় সেইবাবে হেঁচাৰ সৃষ্টি কৰাৰ বাবে দল-সংগঠনসমূহে অসম চৰকাৰৰ লগতে কার্বি আংলং স্বায়ত্বশাসিত পবিষদক আহান জনায়।
আনহাতে, কার্বি আংলং, নর্থ কাছাৰ আদৰবাৰৰ কার্যালয়ত আয়োজন কৰা সংবাদমেলখনত সংগঠনটোৰ নেতৃবর্গই অহা ২৫ ফেব্রুৱাৰীৰ কার্বি আংলং ভ্ৰমণৰ সময়তে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ জৰিয়তে ৰাজ্য গঠনব দাবী জনায়। কাঞ্চাছড়িকমৰ হিলছ অটনমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ কাঞ্চাছডিকমৰ উদ্যোগতো আজি বিয়লি ডিফুত এক সংবাদমেলব আয়োজন কৰা হয় ৷
কাৰ্বি ৰিচ আদৰবাৰৰ কার্যালয়ত আয়োজন কৰা সংবাদমেলখনত সংগঠনটোৰ নেতৃবর্গহি অহা ২৫ ফেব্রুৱাৰীত কার্বি আংলং ভ্ৰমণৰ সময়তে ভাৰতীয় সংবিধান ২৪৪ (ক) অনুচ্ছেদৰ অধীনত কার্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত এলেকাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী জনায়। কাঞ্চাছড়িকমৰ সভাপতি সম্পাদক ক্রমে অজিত তিমুৎ আৰু ছিং তিমুঙে সম্বোধন কৰা সংবাদমেলত উক্ত সভাত কেন্দ্রীয় আৰু বাজ্য চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিবলগীয়া জিলাখনৰ সশস্ত্র সংগঠনসমূহক ভাৰতীয় সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ আধাৰত এখন স্বায়ত্বশাসিত বাজ্যৰ বাদে অন্য কোনো চুক্তিত চুক্তি স্বাক্ষৰিত নকৰিবলৈ আহ্বান জনায়।