![]()
ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল বিশ্বজিত দৈমাৰী । দৈমাৰীক নিৰ্বাচিত ঘোষণা কৰিলে নিৰ্বাচনী ৰিটাণিং বিষয়াই । ৰিটাণিং বিষয়াৰপৰা বিজয়ীৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিলে বিশ্বজিত দৈমাৰীয়ে । বিজেপিৰ হৈ এইবাৰ মনোনয়ন দাখিল কৰিছিল দৈমাৰীয়ে । যোৱা নৱেম্বৰ মাহত বিপিএফ ত্যাগ কৰি বিজেপিত যোগ দিছিল প্ৰাক্তন সাংসদজনে । নৱেম্বৰ মাহতে দল এৰি সাংসদ পদৰপৰাও পদত্যাগ কৰিছিল বিশ্বজিত দৈমাৰীয়ে । চতুৰ্থবাৰলৈ ৰাজ্যসভালৈ নিৰ্বাচিত হ’ল বিশ্বজিত দৈমাৰী।












