ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছ বাতিল কৰি পুৰণি পেন্সন নীতি(অ’ পি এচ) প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজি ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাতো এন পি এছ কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে।
সংগঠনটোৰ নগাঁও জিলা সমিতিৰ উদ্যোগতো জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত এন পি এছ কৰ্মচাৰী সকলে আজি পুৱা কাৰ্যালয়ত উপস্থিত হৈ কৰ্মবিৰতি পালন কৰে। প্ৰতিবাদী কৰ্মচাৰীসকলে তেওঁলোকৰ মুল দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দিয়া পৰিলক্ষিত হয়।
তেওঁলোকে অতি শীঘ্ৰে দাবীসমুহ পুৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। অন্যথা অনাগত বিধান সভা নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে। উক্ত কাৰ্যসূচীত সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ধীৰাজ বৰা, সহকাৰী সম্পাদক মনোজ কাকতি, উপ-সভাপতিদ্বয় ছাইফুল ইছলাম, পংকজ মিলি, সাংগঠনিক সম্পাদক ৰাজেশ শ্বোম আদিকে ধৰি বহু কেইবাগৰাকী নেতৃবৰ্গ উপস্থিত থাকে।
কৰ্মবিৰতিৰ ফলত আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজসমুহ দিনটোৰ বাবে স্তব্ধ হৈ পৰে।ইপিনে, জিলাখনৰ প্ৰায় সকলো চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ লগতে বিভিন্ন বিভাগৰ অনুষ্ঠান-প্ৰতিষ্ঠানত কৰ্মৰত এন পি এছ কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰে। উল্লেখ্য যে নগাঁও জিলাৰ বিভিন্ন বিভাগত প্ৰায় দহ সহস্ৰাধিক এন পি এছ কৰ্মচাৰী আছে।