![]()
নগাঁও : কংগ্ৰেছ দলৰ আজি নগাঁও সদৰ সমষ্টি ভিত্তিত এক বুথ সন্মিলন অনুষ্ঠিত হয়। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত খাগৰিজান মণ্ডল কংগ্ৰেছৰ সভাপতি চাহাবুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এই বুথ সংকল্প শিবিৰত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ মাষ্টাৰ ট্ৰেইনাৰ তথা ছত্তিছগড়ৰ কংগ্ৰেছ নেতা সুশীল শৰ্মাই বুথ পৰ্যায়ৰ কংগ্ৰেছ নেতা কৰ্মী সকলক প্ৰশিক্ষণ প্ৰদান কৰি কয় যে বুথৰ কংগ্ৰেছ নেতা কৰ্মীসকলে প্ৰতিটো বুথত কোন দলৰ কিমান সমৰ্থক সদস্য আছে সেয়া চিহ্নিত কৰিব লাগিব। তাৰ লগে লগে কংগ্ৰেছ দলৰ বুথৰ কৰ্মী সকলে ৰাইজক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। প্ৰসংগ ক্ৰমে তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্যত থকা দুয়োখন বিজেপি চৰকাৰে অসমৰ ৰাইজক চুড়ান্ত প্ৰতাৰণা কৰিছে। চৰকাৰৰ ব্যৰ্থতাৰ সকলো দিশ কংগ্ৰেছৰ কৰ্মীসকলে ৰাইজৰ মাজলৈ লৈ যাব লাগিব।
অহা নিৰ্বাচনত কংগ্ৰেছ দলৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰি সুশীল শৰ্মাই আৰু কয় : কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰি তুলিব লাগিব। বুথ সন্মিলনত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনৰ সময়তহে অসমলৈ মনত পৰে। ভোটৰ আশাত তেওঁলোক এতিয়া অসমলৈ বাৰে বাৰে আহি আধাৰশিলাৰ ৰাজনীতি কৰিছে। কিন্তু অসমৰ বান- গৰাখহনীয়া সমস্যাকে ধৰি জলন্ত সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত একো নকৰে। অসমৰ সম্পদসমূহ এটা এটাকৈ বিক্ৰী কৰাৰ লগতে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ পুঁজিপতিক লিজ’ত দিছে। বিনামূলীয়া চাউল দি দালি, চেনী আদিৰ লগতে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম তাঙোন সোধাইছে। এই চৰকাৰৰ দিনত ৫০ হাজাৰ কোটি টকাৰ ঋনৰ বোজা অসমৰ ৰাইজৰ ওপৰত আছে। বিজেপি চৰকাৰৰ এই ব্যৰ্থতা ঢাকিবৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ অসমলৈ বাৰে বাৰে আহিবলৈ বাধ্য হৈছে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰক সমালোচনা কৰি বৰঠাকুৰে লগতে কয় যে বিজেপি চৰকাৰৰ মিথ্যাচাৰ এতিয়া অসমৰ ৰাইজে বুজি উঠিছে। সেয়ে অহা নিৰ্বাচনত অসমৰ ৰাইজে কংগ্ৰেছক সমৰ্থন কৰিব। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে তেওঁ অসমত হিন্দু-মুছলমানৰ নামত বিভাজনৰ ৰাজনীতি কৰিছে । হিমন্ত বিশ্ব শৰ্মাই আগন্ত্তক নিৰ্বাচন এক সভ্যতাৰ যুঁজ বুলি কৈ আচলতে হিন্দু সভ্যতাকে অপমান কৰিছে বুলি বৰঠাকুৰে মন্তব্য কৰে।
আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা শান্তনু শৰ্মাই বুথ সংকল্প শিবিৰত বুথ পৰ্যায়ৰ নেতা কৰ্মীৰ উৎসাহজনক সহাৰিয়ে সমাগত নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। নগাঁও সদৰ সমষ্টিটো সমাগত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে জয় লাভ কৰিব বুলি তেওঁ দাবী কৰে। বুথ শিবিৰত প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাও উপস্থিত থাকে। শিবিৰত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাই বুথ কমিটীৰ সদস্যসকলক সংকল্প বাক্য পাঠ কৰাই।
উল্লেখ্য যে আজি বুথ সংকল্প শিবৰক লৈ নগাঁও কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈ পৰা পৰিলক্ষিত হয়। বিশেষকৈ অনুষ্ঠানত সদৰ সমষ্টিৰ দুই প্ৰাৰ্থীত্ব প্ৰত্যাশী ক্ৰমে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শান্তনু শৰ্মা আৰু প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ হৰ্ডিং অৰাক লৈ সদৰ কংগ্ৰেছত দুটা ভাগত হৈ পৰা পৰিলক্ষিত হয়। আনকি, ছত্তিশগড়ৰ নেতাগৰাকীৰ সন্মুখত শান্তনু শৰ্মাক অহা বিধানসভা নিৰ্বাচনত সদৰ সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী উত্থাপন কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে।













