![]()
নিউজ ডেস্কঃ
মঙলবাৰে গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনখন অনুষ্ঠিত হয় । ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰপৰা নেন’টেকন’লজি বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰা অসমৰ সুসন্তান সৌম্যদীপ বৰা ৰাষ্ট্ৰপতি কোবিন্দে সোনৰ পদকটি অৰ্পন কৰে ।
সম্প্ৰতি গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষণাৰত সৌমদ্বীপ বৰা নগাঁও চহৰৰ ছোটহয়বৰ নিবাসী দীপক বৰা আৰু দীপালী বৰাৰ পুত্র ।
উল্লেখ্য যে ৰাজ্যখনৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সৌমদ্বীপৰ এনে সফলতাত শিক্ষা প্রতিষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ লগতে শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উৎফুল্লিত হৈ পৰে ।













