![]()
আজি পুৱা প্ৰায় ৭.২৫ মান বজাত মূৰ্কংচেলেকৰ পৰা ৰঙিয়া অভিমুখী এখন যাত্ৰীবাহী ৰেলে চিমেন চাপৰি আৰক্ষী থানাৰ বিবাৰী সমীপৰ চেৰেণত এখন চাৰিচকীয়া বাহন মহতিয়াই নিয়ে। অৰুণাচল প্ৰদেশৰ অল্ড ডেকা গাঁৱৰ নিবাসী বামু ৰিবা নামৰ এজন ব্যক্তিয়ে চেৰেণ গাঁৱলৈ যোৱাৰ মানসিকতাৰে ৰে’ল লাইন অতিক্ৰম কৰিবলৈ লওঁতেই মূৰ্কংচেলেকৰ পৰা অহা এখন যাত্ৰাবাহী ৰে’লে এ আৰ ০১ এল ৮৮০৪ নম্বৰ ডাষ্টাৰখন মহতিয়াই লৈ যায় আৰু ডাষ্টাৰখন প্ৰায় ১০ মিটাৰ দূৰত ওফৰি পৰে।

বামু ৰিবাক ততাতৈয়াকৈ ডিব্ৰুগড়লৈ লৈ যোৱা হয়; বামু ৰিবাই কাণত হেডফোন লগাই থকাৰ ফলতেই ৰে’ল অহাৰ শব্দ তেওঁ শুনিবলৈ পোৱা নাছিল। আনহাতে, চেৰেণৰ ৰে’ল ক্ৰচিঙত ৰে’ল গেট নথকাৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে ৰাইজে।













