![]()
ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ দিগন্ত দাস বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। পঞ্জীয়কগৰাকীৰ কাৰ্যালয় ঘেৰাও কৰি বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰসকলে সাব্যস্ত কৰে প্ৰতিবাদ।
উল্লেখ্য গৰিমামণ্ডিত বিশ্ববিদ্যালয়খনৰ নৃতত্ববিদ বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা ডঃ তিলোতমা বৰুৱাক পঞ্জীয়ক ডঃ দাসে কাৰ্যালয়ত অপমান কৰাৰ গুৰুত্ব অভিযোগৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
ছাত্ৰ-ছাত্ৰীসকলে পঞ্জীয়কগৰাকী কাৰ্যালয়ত প্ৰৱেশ কৰি কটনিয়ানৰ লগতে অপমানিত হোৱা মহিলা অধ্যাপিকাগৰাকীৰ সন্মুখত লিখিত ৰাজহুৱা ক্ষমা খোজাৰ দাবী জনায়। প্ৰথম অৱস্থাত পঞ্জীয়ন ডঃ দাসে ছাত্ৰ-ছাত্ৰীৰ আহ্বানলৈ সঁহাৰি জনোৱা নাছিল যদিও কটনিয়ানৰ উত্তাল প্ৰতিবাদত কাৰ্যালয়ৰ পৰা ছাত্ৰ সমাজৰ সন্মুখলৈ আহিবলৈ বাধ্য হয়।
বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ সন্মুখত ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়কগৰাকীক অধ্যাপিকা গৰাকীক অপমান কৰা ঘটনাৰ সন্দৰ্ভত জবাবদিহি কৰে।
পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলে পঞ্জীয়ক ডঃ দাসক বিশ্ববিদ্যালয়ৰ কনফাৰেন্স কক্ষত সংবাদ মাধ্যমৰ সন্মুখত ৰাখি বিভিন্ন সময়ত ছাত্ৰ সমাজৰ বিৰুদ্ধে তেওঁ কৰি থকা বিভিন্ন অভিযোগ ৰাজহুৱা কৰে। পঞ্জীয়কগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক বিভিন্ন সময়ত ফোন যোগে ভাবুকি প্ৰদান কৰা দৰে গুৰুত্বৰ অভিযোগ সংবাদ মাধ্যমৰ সন্মুখত তুলি ধৰে।
গুৰুত্বপূৰ্ণ কথা ছাত্ৰ-ছাত্ৰীসকলে পঞ্জীয়ক গৰাকীক লিখিতভাৱে তেওঁ কৰা ভুলৰ ক্ষমা খোজাৰ দাবী জনায়। ছাত্ৰ-ছাত্ৰীৰ দাবীত হেয় হৈ বিশ্ববিদ্যালয়খনত একছত্ৰী শাসন চলোৱা গুৰুত্বৰ অভিযোগ থকা পঞ্জীয়কগৰাকীয়ে লিখিতভাৱে ক্ষমা-ভিক্ষা মাগিবলৈ বাধ্য হ’ল।
কিন্তু ছাত্ৰ-ছাত্ৰীসকল ক্ষান্ত নহল। ছাত্ৰ-ছাত্ৰীৰ প্ৰৱল প্ৰতিবাদত জ্যেষ্ঠ অধ্যাপিকাগৰাকী বিভাগত গৈ লিখিতভাৱে ক্ষমা খুজিব লগা হ’ল পঞ্জীয়ক ডঃ দাসে।
উল্লেখ্য ছাত্ৰী-ছাত্ৰীয়ে পঞ্জীয়কগৰাকীৰ পদত্যাগ কৰাৰ দাবী কৰিছিল যদিও মানৱীয়তা স্বাৰ্থত অপমানিত অধ্যাপিকা ডঃ বৰুৱাই ক্ষমা কৰি দিয়া বুলি কয়।
‘মানৱীয়তা খাতিৰত মই ক্ষমা কৰি দিছোঁ। কিন্তু অন্তৰৰ পৰা ক্ষমা মই কৰা নাই। মই বহুত লাজ পাইছোঁ তেওঁৰ আচৰণত’- অধ্যাপিকা গৰাকীয়ে কয়। উল্লেখ্য শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰিব অপমানিত অধ্যাপিকা গৰাকীয়ে।
আনহাতে বিশ্ববিদ্যালয়খনত পঞ্জীয়ক আৰু উপাচাৰ্যই মিলি একছত্ৰী দুৰ্নীতি চলোৱা বুলি গুৰুত্ব অভিযোগ উত্থাপন কৰে।
তাপৰ্যপূৰ্ণ যে অধ্যাপিকা গৰাকীক গেট আউত কৰা লগতে বেয়াকৈ গালি-গালাজ কৰিছিল পঞ্জীয়ক গৰাকীয়ে।













