![]()
নিউজ ডেস্কঃ
ঘোষণা হ’ল অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন। অসম, পশ্চিমবঙ্গ, তামিলনাডু, কেৰালা আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ। দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত সংবাদ মেলত নিৰ্বাচন আয়োগৰ এই ঘোষণা।
অসমত প্ৰথম পৰ্যায়ত জাননী জাৰি ২ মাৰ্চত ৷ মনোনয়নৰ শেষ তাৰিখ ৭ মাৰ্চ৷ ভোটগ্ৰহণ ২৭ মাৰ্চ ৷ ৪৭টা সমষ্টিত হ’ব ভোটগ্ৰহণ ৷
১ এপ্ৰিলত দ্বিতীয় আৰু ৬ এপ্ৰিলত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ২ মে’ত ভোটগণনা ৷
দেশৰ মুঠ ৮২৪টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। অসমত স্থাপন কৰা হ’ব ৩৩ হাজাৰটা ভোটকেন্দ্ৰ। ভোটদানৰ সময়সীমা বৃদ্ধি কৰা হৈছে এক ঘন্টা। ৮০ বছৰৰ ওপৰৰ ব্যক্তিৰ বাবে থাকিব পোষ্টেল বেলটৰ ব্যৱস্থা। উল্লেখযোগ্য যে অহা ৩১ মে’ত উকলিব অসম বিধানসভাৰ কাৰ্যকাল।
ভূমি মহলাত স্থাপন কৰিব লাগিব সকলো ভোটকেন্দ্ৰ আৰু সকলো ভোটকেন্দ্ৰ চিচি টিভিৰ নিৰীক্ষণত থাকিব।
মনোনয়ন দাখিল আৰু প্ৰচাৰৰ বাবে দিয়া হৈছে বিশেষ নিৰ্দেশনা। মাত্ৰ দুজন ব্যক্তিকহে মনোনয়ন দাখিলৰ সময়ত প্ৰৱেশ কৰিব দিয়া হ’ব। আনহাতে, ঘৰে ঘৰে প্ৰচাৰৰ সময়ত পাঁচজনতকৈ অধিক লোক একগোট হ’ব নোৱাৰিব।
নিৰ্বাচন আয়োগৰ তথ্য মতে, ৫ ৰাজ্যত ১৮.৬৮ কোটি ভোটাৰে সাব্যস্ত কৰিব নিজৰ ভোটাধিকাৰ। অসমত নিৰ্বাচনী আৰক্ষী পৰ্যবেক্ষক হ’ব এছ শ্ৰীনিবাসন। নিনা নিগমক নিযুক্তি দিয়া হৈছে ৰাজহ পৰ্যবেক্ষক হিচাবে। সকলো নিৰ্বাচন বিষয়াক প্ৰদান কৰা হ’ব কোভিড টীকা।













