অজন্তা তালুকদাৰ
বোকাখাত : চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি, সৰ্বভাৰতীয় পৰ্যায়ৰ ৭টাকৈ পদবী এৰি যোৱা ২৫ ফেব্ৰুৱাৰীত ৰাইজৰ দলত যোগদান কৰিলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদ্য প্ৰাক্তন সভাপতি জীৱন চন্দ্ৰ বৰাই। ৰাইজৰ দলত বৰাৰ যোগদানে বোকাখাতৰ অনাগত নিৰ্বাচনী অংকটো অধিক জটিল কৰি তুলিলে। বোকাখাত সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰিব জীৱন চন্দ্ৰ বৰাই। ২০১৬ চনৰ নিৰ্বাচনী ইস্তাহাৰত মন্ত্ৰী অতুল বৰাই দিয়া ৪৫টা প্ৰতিশ্ৰুতিৰ এটাও পালন নকৰাৰ অভিযোগ জীৱন চন্দ্ৰ বৰাৰ লগতে ৰাইজৰ দলৰ ৷
ইতিমধ্যে বৰাই ৰাইজৰ দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰাৰ পাছত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাকো সমালোচনা কৰা ৰাইজৰ দলৰ গোলাঘাট জিলা সমিতিয়েও অহা নিৰ্বাচনত অতুল বৰাৰ লগতেই প্ৰতিদ্বন্দিতা হ’ব বুলি উল্লেখ কৰে ৷ বোকাখাতত অতুল বৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কথা স্পষ্ট হৈ পৰিছে যদিহে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰকৃত মিত্ৰতা হয়।
কিন্তু কেন্দ্ৰীয়ভাৱে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা হৈছে যদিও তৃণমূল পৰ্যায়ত মিত্ৰতা এতিয়াও হোৱা নাই ৷ সন্মুখত নিৰ্বাচন যদিও এতিয়াও আসন বুজাবুজি কৰিব পৰা নাই দল দুটাই ৷ সমান্তৰালভাৱে দুয়োটা দলে নিজাকৈ সমষ্টিসমূহত প্ৰচাৰ চলাই আছে ৷ অসম জাতীয় পৰিষদৰ পৰা বোকাখাত সমষ্টিত ৰেৱকান্ত গগৈ, দীপক হাজৰিকাই প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰাৰ লগতে নিজাকৈ ব্যাপক প্ৰচাৰ চলাই আছে ৷
যদিহে দুয়োটা দলৰ মাজত প্ৰকৃত মিত্ৰতা হয় তেন্তে বোকাখাতত অতুল বৰা জীৱন বৰাৰ তীব্ৰ প্ৰতিদন্দ্বিতাৰ সন্মুখীন হ’ব বুলি বৰাই সাংবাদিকৰ আগত দাবী কৰে। তেখেতে প্ৰত্যাহ্বান অবিহনেই বিশেষভাৱে নিৰ্বাচনত জয়ী হোৱাৰ কথা ব্যক্ত কৰাৰ লগতে কৃষক মুক্তিৰ নেতা ৰতন দাৱে অতুল বৰাক তীব্র সমালোচনা কৰি বোকাখাতৰ ৰাইজ ৰাইজৰ দলৰ লগত আছে বুলিও মন্তব্য কৰে।