আছিফ আলি
শিৱসাগৰ : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত “অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ” উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন তথা শিৱসাগৰ জিলা পৰিষদৰ সহযোগত মহিলা সৱলীকৰণৰ দিশত উদগণি যোগোৱাৰ লক্ষ্যৰে আজি শিৱসাগৰৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় জিলাস্তৰীয় “মহিলা সমাৰোহ-২০২১”। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰ উপৰিও ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু ৰাজ্যৰ সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী উপস্থিত থাকে। এই মহিলা সমাৰোহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ২ হাজাৰকৈ অধিক মহিলা আত্মসহায়ক গোটসমূহক ৫০ হাজাৰকৈ টকাৰ অনুদান আগবঢ়াই।
লগতে জীৱিকা সখী আঁচনিৰ অধীনত মহিলাসকলক একোখনকৈ স্কুটি বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে মাইক্ৰ ফাইনেঞ্চ সন্দৰ্ভত গাঁৱৰ দুখীয়া মহিলাসকলে ঋণ পৰিশোধ কৰিব নালাগে। এই ঋণ পৰিশোধ কৰিব ৰাজ্য চৰকাৰে এই ঘোষণা মন্ত্ৰী হিমন্তবিশ্বৰ।