দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত আজি নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মিত সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আজি প্ৰতিষ্ঠা কৰা হয়। বিগত ২২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা স্থিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ পিছতেই আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সম্পূৰ্ণ ৰীতি-নীতিৰে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় লগতে এই প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত উপস্থিত থাকে তামিলনাডুৰ প্ৰায় দুশৰো অধিক বেদব্যাস পণ্ডিত। আজি পুৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পত্নী ৰিণিকি ভূঞা শৰ্মা, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, সাংসদ পল্লব লোচন দাস, সাংসদ হৰেন সিঙ বে, বিধায়ক ৰূপক শৰ্মা, কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙ, প্ৰাক্তন বিধায়ক বিজেপি নেতা বিদ্যাসিঙ ইংলেঙ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইসহ বহু কেইগৰাকী বিজেপি নেতা, মন্ত্ৰী পিয়ুস হাজৰিকাৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱা। সমান্তৰাককৈ ডাম বাদক শিৱামণিয়ে বাদ্য বজাই উপস্থিত ভক্তগণক আপ্লুত কৰি তোলে।
উক্ত অনুষ্ঠানতেই পল্লৱ লোচন দাসে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে বিজেপি চৰকাৰে কৰা উন্নয়ন সমূহক দেখি ৰাইজে আকৌ এবাৰ বিজেপি চৰকাৰকেই আকোঁৱালি ল’ন। ইয়াৰ লগতে আইমী বৰুৱাও স্বামী পিয়ুস হাজৰিকাৰ এইবাৰৰ নিৰ্বাচনৰ ফল সন্তোষজনক হ’ব বুলি দৃঢ় মন্তব্য কৰে। কেৱল মাত্ৰ ৰাজনৈতিক নেতা বুলিয়েই নহয় স্থানীয় ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি, মন্দিৰ প্ৰতিষ্ঠাৰ লগত জড়িত তথা বৰ্তমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ কাৰ্যকৰী সভাপতি প্ৰবীন গোস্বামীকে ধৰি প্ৰতিষ্ঠা কালৰ ভালেকেইগৰাকী ব্যক্তিয়েও বিশ্বৰ সৰ্ববৃহৎ মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা সৰ্বোত্তম সময়ত উপস্থিত থকাৰ সোভাগ্য লাভ কৰে। তামিলনাডু, বেনাৰস, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশৰ পৰা অহা বহু কেইগৰাকী বিদগ্ধ বেদব্যাস পণ্ডিতে সম্পূৰ্ণ ৰীতি নীতিৰে মন্দিৰত শিৱলিংগ প্ৰতিষ্ঠা কৰে যদিও মন্দিৰটো ভক্তপ্ৰাণ ৰাইজৰ বাবে এতিয়াও মুকলি হোৱা নাই।
আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা স্থিৰ প্ৰাণ প্ৰতিষ্ঠাৰ সৰ্বোত্তম মূৰ্হূৰ্তৰ সাক্ষী হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ, হাজাৰ ভক্তপ্ৰাণ ৰাইজ। বিশেষকৈ সকলো ভক্তপ্ৰাণ ৰাইজক মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই যদিও মন্দিৰৰ কাষত থকা বৃহৎ যজ্ঞ মণ্ডপৰ কাষৰে পৰা মন্দিৰ প্ৰতিষ্ঠাৰ সৰ্বোত্তম সময়ৰ সাক্ষী হয় তেওঁলোক ।
ইফালে সন্ধ্যা ৬ বজাৰ পৰা যজ্ঞ মণ্ডপত মহা মৃত্যুঞ্জই যজ্ঞৰ অধিবাস আৰু মুৰ্ত্তি স্থাপন কাৰ্যসূচী অনুষ্ঠিত হয়। কালিলৈ মহা মৃত্যুঞ্জই যজ্ঞৰ পুৱা ৮ বজাত চাপানালা জলপ্ৰপাতৰ পৰা জলাৰোহন কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই জলাৰোহন কাৰ্যসূচীত ১০০১ গৰাকী মহিলাই অংশগ্ৰহণ কৰিব। অহাকালিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকে নৰসিংহ ক্ষেত্ৰত উপস্থিত হ’ব।