ASSAM TIMES POST
নতুন দিল্লীঃ শীঘ্ৰেই এটিএম লৈ যাওঁতে লগত লৈ যাব লাগিব আপোনাৰ সংশ্লিষ্ট (এটিএম)কাৰ্ডখনৰ সৈতে পঞ্জীয়নভুক্ত হৈ থকা নম্বৰৰ ম’বাইলটো।
কিয়নো নিৰ্দিষ্ট পৰিমাণৰ ধন উলিওৱাৰ পূৰ্বে উক্ত নম্বৰৰ ম’বাইলটোলৈ এটা অ’টিপি (এবাৰ ব্যৱহৃত পাছৱৰ্ড) আহিব।
সেইটো এটিএমত টাইপ কৰিলেহে আপুনি ধনখিনি লাভ কৰিব।
মূলতঃ এটিএমৰপৰা গ্ৰাহকৰ ধন হৰলুকিৰ বৰ্ধিত ঘটনাৰ পৰিপ্ৰেক্ষিততে এনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইতিমধ্যে কানাড়া বেংকে এনে ব্যৱস্থা কাৰ্যকৰী কৰিছে।