অজন্তা তালুকদাৰ:
বােকাখাত : আগন্তক বিধানসভা নির্বাচন সন্দৰ্ভত তৎপৰ হৈ উঠিছে বোকাখাত মহকুমা প্ৰশাসন। অনাগত বিধানসভাৰ নিৰ্বাচন ২০২১ সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে বােকাখাত মহকুমা প্রশাসনে নির্বাচন সংক্রান্তীয় বিভিন্ন কাম-কাজৰ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে।
বিধানসভা নির্বাচনৰ সু-পৰিচালনাৰ বাবে বিভিন্ন কোষ গঠন কৰি মহকুমাধিপতি বিপুল দাসে প্ৰতিটো কোষকে নিষ্ঠা সহকাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ নিদের্শ দিছে ।
২৬ ফেব্রুৱাৰীত নির্বাচনী আয়ােগে অসম বিধানসভা নির্বাচনৰ ভােটগ্রহণৰ তাৰিখ নির্ধাৰণ কৰাৰ পাছতে যোৱা ২৭ ফেব্ৰুৱাৰীত বােকাখাত মহকুমাধিপতিৰ কার্য্যালয়ৰ সভাকক্ষত মহকুমাধিপতি বিপুল দাসৰ সভাপতিত্বত সকলাে ৰাজনৈতিক দলৰ প্রতিনিধিৰ উপস্থিতিত নির্বাচনী আচৰণ বিধি সম্পর্কত এখনি জৰুৰী সভা অনুষ্ঠিত হয়।
উক্ত সভাত মহকুমাধিপতি তথা বােকাখাত জিলা নির্বাচনী বিষয়া বিপুল দাসে নির্বাচনী আয়ােগে প্রনয়ন কৰা নির্বাচন সংক্রান্তিয় নীতি নির্দেশনাসমূহ, পােষ্টেল বেলট পত্রিয়া তথা ভােটদানৰ ক্ষেত্ৰত নির্বাচনী আয়ােগে নিৰ্ধাৰণ কৰা কোভিড-১৯ ৰ নির্দেশাৱলীসমূহ বিষদভাবে ব্যাখ্যা কৰে।
ইয়াৰ লগতে প্ৰতিটো ৰাজনৈতিক দলকে শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত কৰাত আৰক্ষী প্রশাসনক সহযােগিতা আগবঢ়াবলৈ আহ্বান জনায়। সভাত বােকাখাতৰ ৰাজহচক্র বিষয়া তথা বিধানসভা নির্বাচনৰ নির্বাচনী আচৰনবিধি কোষৰ ভাৰপ্রাপ্ত বিষয়া মানসজ্যোতি নাথে আগন্তুক ২০২১ ৰ বিধানসভা নির্বাচনৰ নির্বাচনী আচৰণ বিধিসমূহৰ ওপৰত বিশেষভাবে আলােকপাত কৰে। ইয়াৰ লগতে নির্বাচনী আচৰণ বিধি বলবৎ হােৱাৰ লগে লগে মহকুমা আৰক্ষী-প্রশাসনৰ লগতে নির্বাচনী ব্যয় নিৰীক্ষণ কোষৰ বিষয়ববীয়া আৰু বিভিন্ন ফ্লাইং স্কোৱার্ডসমূহাে মহকুমাটাত সষ্টম হৈ থাকিব বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।
সভাত নিৰ্বাচন সংক্ৰান্তীয় অভিযোগ দাখিলৰ বাবে উপলব্ধ c-vigil এপ আৰু suvidha এপৰ ব্যৱহাৰৰ বিষয়েও আজিৰ সভাত আলোচনা কৰা হয়। উক্ত সভাত নির্বাচনী বিষয়া নিতিশা বৰা আৰু বােকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথিবী ৰাজখোৱা উপস্থিত থাকে।