![]()
অজন্তা তালুকদাৰ
বোকাখাত : ভাৰতৰ নিৰ্বাচনী আয়োগে ঘোষণা কৰিলে বিধানসভা নির্বাচনৰ দিন আৰু বোকাখাত মহকুমা প্রশাসনে অব্যাহত ৰাখিছে নিৰ্বাচন সংক্রান্তীয় বিভিন্ন কাম-কাজৰ ব্যাপক প্রস্তুতি। আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি মহকুমাধিপতি কার্যালয়ৰ সভাকক্ষত যোৱা ১ মাৰ্চত স্থানীয় সাংবাদকর্মীৰ সৈতে মহকুমাধিপতি তথা জিলা নির্বাচনী বিষয়া বিপুল দাসে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। “মিডিয়া মনিটৰিং আৰু মিডিয়া চাৰ্টিফিকেচন” তথা নির্বাচনী আচৰণ বিধি সম্পৰ্কত আলোচনা কৰিবৰ বাবে অনুষ্ঠিত এই বৈঠকত জিলা নির্বাচনী বিষয়াগৰাকীয়ে সকলো সাংবাদকৰ্মীকে কোনো পক্ষপাতিত্ব নোহোৱাকৈ বাতৰি পৰিবেশন কৰিবলৈ আৰু ভোটাৰ ৰাইজক বিবেক ভোট প্রদানৰ বাবে উৎসাহ যোগাবলৈ আহ্বান জনায়।
বিষয়াগৰাকীয়ে নির্বাচনৰ সময়ছোৱাত কোনোধৰণৰ পেইড নিউজ অথবা পেইড বিজ্ঞাপন পৰিলক্ষিত হলে “মিডিয়া মনিটৰিং আৰু মিডিয়া চাৰ্টিফিকেচন” কোষে এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল’ব বুলিও উপস্থিত সাংবাদিকসকলক অৱগত কৰে ।
আনহাতে, এইবাৰৰ বিধানসভা নিৰ্বাচনত “মিডিয়া মনিটৰিং আৰু মিডিয়া চাৰ্টিফিকেচন” কোষে চচিয়েল মিডিয়াৰ ওপৰতো বিশেষভাৱে নজৰ ৰাখিব বুলিও ৰাজহচক্র বিষয়া মানসজ্যোতি নাথে সভাত উল্লেখ কৰে।
উল্লেখযোগ্য যে, ৯৩ নং বোকাখাত বিধানসভা সমষ্টিত মুঠ ১৮৫টা ভোট গ্রহণ কেন্দ্রত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰে ৮টা ভোট গ্রহণ কেন্দ্র নগৰাঞ্চলত আৰু ১৭৭টা গ্রামাঞ্চলত আৱস্থিত। সমষ্টিটোত ৩১ টা (Auxiliary Polling Station) সহায়ক ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। সমষ্টিটোত ১০টা ভোটগ্ৰহণ কেন্দ্রক জটিল ভোটগ্ৰহণ কেন্দ্র বুলি চিনাক্ত কৰা হৈছে। বোকাখাত বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৪৪৩৬৩ গৰাকী ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৭২৪২০ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৭১৯৪৩ গৰাকী। ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ১৮৯৭। ৮০ বছৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১৩৫৬। বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা হৈছে মুঠ ৯৪২ গৰাকী ইয়াৰে পুৰুষ ভাটাৰৰ সংখ্যা হৈছে 8৫৬ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪৮৬। বোকাখাত বিধানসভা সমষ্টিত মুঠ ডি ভোটাৰৰ সংখ্যা হৈছে ২১২ জন।
আনহাতে মুঠ চাৰ্ভিচ ভোটাৰ আছে ৩৫৩ জন। আগন্তুক বিধানসভা নির্বাচনৰ বাবে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিটো ৬টা জ’ন আৰু ১৭ টা চেক্টৰত বিভক্ত কৰি জ’নেল আৰু চেক্টৰ বিষয়াসকলক নিযুক্তি দিয়া হৈছে। ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ২৫৯ গৰাকী প্রিজাইডিং বিষয়া আৰু ৭৭৭ গৰাকী পুলিং বিষয়া নিযুক্তি দিয়া হৈছে।
আনহাতে বোকাখাত সমষ্টিৰ নিৰ্বাচন সংক্ৰান্তীয় যিকোনো তথ্যৰ বাবে ৰাইজে ০৩৭৭৬-১৯৫০ ট’লফ্ৰি নম্বৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ লগতে নির্বাচন সংক্রান্তিয় অভিযোগৰ বাবে থকা C-vigil এপ আৰু অনুমতি তথা অন্যান্য নিৰ্বাচন সংক্ৰান্তীয় বিষয়ৰ বাবে থকা Suvidha এপৰ বিষয়েও আজিৰ সভাত উল্লেখ কৰা হয়। মহকুমাধিপতি তথা জিলা নিৰ্বাচনী বিষয়া বিপুল দাসে আগন্তুক ২০২১ বিধানসভা নিৰ্বাচন স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ ক্ষেত্রত উপস্থিত সকলোৰে সহায় সহযোগিতা কামনা কৰে।













