![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় বাৰ্ষিক অধিবেশন ২৭ আৰু ২৮ ফ্ৰেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে কাকীত অনুষ্ঠিত হয়। প্ৰথম দিনাৰ কাৰ্য্যসূচী হিচাপে প্ৰতিনিধি পঞ্জীয়ন, গ্ৰন্থমেলাৰ দূৱাৰ মুকলি, প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক আদি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয় ।

আনহাতে, দ্বিতীয় দিনা কাৰ্য্যসূচী হিচাপে আজি পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন, পৰ্যায়ৰ ক্ৰমে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, কবি সন্মিলন আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়। তাৰ সমান্তৰাল ভাৱে অনুষ্ঠিত হয় মুকলি সভা। উক্ত মুকলি সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়বাৱত থকা ব্যক্তি উপস্হিত থকাৰ লগতে উক্ত মুকলি সভাত পাঁচখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। লগতে সাহিত্য সভাৰ লগত সংগতি ৰাখি কাকী খেলপথাৰত অনুষ্ঠিত কৰা হয় এখন গ্ৰন্থ মেলা । উক্ত গ্ৰন্থ মেলাত গ্ৰন্থৰ বিপনীৰ ওপৰিও বিভিন্ন জনগোষ্ঠীয় সাজ-পাৰ, বিভিন্ন বাঁহ-বেটেৰে নিৰ্মাণ কৰা মূৰ্তি আদি প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয় । গ্ৰন্থ প্ৰেমীৰ লগতে আন আন বিপনীটো গ্ৰাহক ৰাইজৰ বিপুল সঁহাৰি দেখা পোৱা যায়।












