ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষ চমুকৈ ডিএলএছই তেওঁলোকৰ ডিফু চহৰৰ লগতে সমগ্ৰ জিলাখনত জন সচেতনতামূলক কাৰ্যসূচী অব্যাহত ৰাখিছে ৷
এইলৈ বুধবাৰে ডিফু চহৰৰ বাছ আস্থান আৰু ডিফু দৈনিক বজাৰত ডিএলএছএই “আইন সকলোৰে বাবে” শীৰ্ষক সজাগতা প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে ৷ এই প্ৰচাৰ পত্ৰিকাৰ জৰিয়তে সাধাৰণ ৰাইজৰ বাবে ডিএলএছৰ বিনামূলীয়া আইনী সাহায্য আৰু ইয়াৰ অনান্য সুবিধা সন্দৰ্ভত অৱগত কৰা হয় ৷