ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নৰসিংহ ক্ষেত্ৰত ৬খনকৈ গ্ৰন্থ উন্মোচন

বেদৰ জ্ঞান অৱধাৰিতভাৱে মনীষীসকলে ধাৰণ কৰি আহিছে : ড: নলিনী দেৱী মিশ্র

News Desk by News Desk
March 4, 2021
Reading Time: 1 min read
A A
0
নৰসিংহ ক্ষেত্ৰত ৬খনকৈ গ্ৰন্থ উন্মোচন

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

নগাঁও : নগাঁৱৰ পুৰণিগুদাম গোসাঁইগাঁৱৰ নৰসিংহ ক্ষেত্ৰত চলি থকা মহামৃত্যুঞ্জয় মন্দিৰৰ স্থিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ আৰু ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞৰ আজি একাদশ দিনটোত ৬খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। বাবা ভৃগুগিৰি মহাৰাজ ভাষা ভাষ্য সহিত অথৰ্ৱবেদৰ দ্বিতীয় খণ্ড, সামবেদৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ উপৰি প্ৰবীণ গোস্বামী ৰচিত ‘নৰসিংহ ক্ষেত্ৰ আৰু মোৰ অনুভূতি’, বাবা ভৃগুগিৰিৰ ‘চাপানলা’ নামৰ গ্ৰন্থখনৰ সাংবাদিক অজয় মাহাতোৱে কৰা হিন্দী অনুবাদ আৰু স্হিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘যজ্ঞামৃত’ উন্মোচন কৰে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড: নলিনী দেৱী মিশ্র, অসম চৰকাৰৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক সতীশ চন্দ্ৰ শৰ্মা, পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মী নাৰায়ণ শৰ্মা আৰু বিশিষ্ট সমাজসেৱী ৰেখা শৰ্মাই । ভৃগুগিৰি ভাষা ভাষ্য সহিত অথৰ্ৱবেদৰ দ্বিতীয় খণ্ড, সামবেদৰ দ্বিতীয় আৰু তৃতীয় খণ্ড উন্মোচন কৰি অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড: নলিনী দেৱী মিশ্রই কয় যে বেদক সনাতন হিন্দু ধৰ্মৰ মূল গ্ৰন্থ বুলি কোৱা হয়। বেদৰ জ্ঞান ৰাশি কোনো নির্দিষ্ট মানুহৰ সৃষ্টি নহয়। ই অনুভূতিৰ আৰু সাধনাৰ বস্তু। বেদৰ জ্ঞান অৱধাৰিতভাৱে মনীষীসকল ধাৰন কৰি আহিছে।

আনহাতে, বেদৰ বচন বিলাকক আক্ষৰিক ছন্দত অহা বুলি উল্লেখ কৰি ড: মিশ্রই লগতে কয় যে বেদৰ বাক্য আমি সালসলনি কৰিব নোৱাৰো। বেদৰ বাক্য পৰিৱর্তন কৰিলে অৰ্থ নোলায়।

আনহাতে, প্ৰসংগক্ৰমে তেওঁ বৰ্তমানেও আমাৰ সমাজত মহিলাৰ সামাজিক মৰ্যাদা যিমানখিনি হ’ব লাগিছিল সিমানখিনি হোৱা নাই বুলিও মন্তব্য কৰে ।

ইপিনে প্ৰবীণ গোস্বামীয়ে ৰচনা কৰা ‘নৰসিংহ ক্ষেত্ৰ আৰু মোৰ অনুভূতি’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি শিক্ষাবিদ লক্ষ্মী নাৰায়ণ শৰ্মাই নৰসিংহ ক্ষেত্ৰৰ ঐতিহ্য দাঙি ধৰি সাধনা আৰু সিদ্ধি লাভেৰে বাবা ভৃগুগিৰি মহাৰাজে সমাজৰ কল্যাণ সাধন কৰিছিল বুলি মন্তব্য কৰে। স্মৃতিগ্ৰন্থ ‘যজ্ঞামৃত’ উন্মোচন কৰে বৰ্ষীয়ান সমাজসেৱী ৰেখা শৰ্মাই। সতীশ চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰবীণ গোস্বামীয়ে। সভাৰ সঞ্চালক সতীশ চন্দ্ৰ শৰ্মাই নিজৰ ভাষণত বাবা ভৃগুগিৰি মহাৰাজৰ সাধনা আৰু পাণ্ডিত্যৰ বিষয়ে উল্লেখ কৰি কয় যে অসমত পোন প্ৰথমে এজন সাধুৱে অসমীয়া ভাষাত বেদৰ ওপৰত ভাষ্য আগবঢ়াইছিল।

আনহাতে আজি পুৱা ৬ বজাত পণ্ডিতসকলৰ নগৰ পৰিক্ৰমা আৰু বেদধ্বনিৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়। কাইলৈ ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ আৰু স্হিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচীত পুৱা ১১ বজাত কুমাৰী পূজা আৰু দুপৰীয়া ১২ বজাত যজ্ঞৰ পূৰ্ণাহুতি সম্পন্ন হব। আজিও নৰসিংহ ক্ষেত্ৰত বৃহৎ সংখ্যক ভক্তৰ সমাগম ঘটে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx