![]()
ছাইদুল ইছলাম
ডিফুঃ
কার্বি আংলং জিলাৰ পৰা বিজেপিৰ দলীয় প্রার্থিত্ব লাভ কৰা দলটোৰ তিনিগৰাকী বিধানসভা নির্বাচনৰ প্রার্থীক আজি ডিফুত দলৰ তৰফৰ পৰা উষ্ম সম্বর্ধনা জনােৱা হয়। উল্লেখযােগ্য যে, কার্বি আংলং জিলাৰ বােকাজানৰ পৰা এইবাৰ ডাঃ নােমল মমিন, ডিফুৰ পৰা বিদ্যাছিং ইংলেং, হাওৰাঘাটৰ পৰা দৰছিং ৰংহাং আৰু বৈঠালাংছ’ বিধানসভা সমষ্টিৰ পৰা ৰূপছিং টেৰণে দলীয় প্রার্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছে।
দলীয় টিকট লাভ কৰাৰ পিছতে যােৱানিশা সদলবলে জিলাখনত প্রৱেশ কৰা আটাইকেইগৰাকী প্রার্থীক জিলাখনৰ বিভিন্ন স্থানত দলটোৰ নেতা-কর্মীসকলে বিপুল সম্বর্ধনাৰে আদৰণি জনায়। কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে কে ধৰি দলীয় নেতৃবর্গৰ সৈতে যােৱানিশা দুই প্রার্থী ক্রমে বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাং ডিফুত উপস্থিত হয়হি।

দলীয় টিকট লাভ কৰি ডিফুলৈ ওভতি অহা দলটোক নিশাই দলটোৰ ভালেসংখ্যক নেতা-কর্মীয়ে ডেনগাঁও, ডকমকা, চেন্টাৰ, বকলীয়াঘাট আদি স্থানত দলীয় নেতা-কর্মীসকলে অভিনন্দন জ্ঞাপন কৰি এক উৎসৱমুখৰ পবিৱেশৰ সৃষ্টি কৰে। আনহাতে, আজি পুৱাৰ ভাগত ডিফুত উপস্থিত হােৱা বােকাজানৰ প্রার্থী ডাঃ নােমল মমিনকো বিভিন্ন স্থানত শুভাকাংক্ষীসকলে শুভেচ্ছা জ্ঞাপন কৰি আদৰণি জনায় ইয়াৰ পিছতে ডিফুস্থিত জিলা বিজেপিৰ কার্যালয়ত এক সন্বর্ধনা সভাৰ আয়ােজন কৰি দলীয় প্রার্থিত্ব লাভ কৰা তিনিওগৰাকী প্রার্থীকে বিজেপি দলৰ বিভিন্ন মণ্ডল, মর্চাৰ তৰফৰ পৰা গামােচা, পহ আদিৰ সম্বর্ধনা জনােৱা হয়।

সভাখনত উপস্থিত থাকি কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনৰ আটাইকেইগৰাকী প্রার্থীৰ বিজয় নিশ্চিত কৰাৰ বাবে দলীয় কর্মীসকলক ঐক্যবদ্ধভাবে কাম কৰাৰ আহান জনায়। বােকাজানৰ বিধায়ক ডাঃ নােমল মমিনে বিগত কার্যকালত সমষ্টিৰ সকলাে ভিতৰুৱা অঞ্চললৈ গৈ এলেকাটোৰ উন্নয়নৰ বাবে কাম কৰি যােৱাৰ বাবেই সমষ্টিবাসীয়ে পুনববাৰ তেওৰ সমর্থনতে ৰায় প্রদান কৰিব বুলি আশা প্রকাশ কৰে।
আনহাতে, ডিফু সমষ্ঠিব প্রার্থী বিদ্যাছিং ইংলেঙে কয় যে চুম ৰংহাঙে দলীয় প্রার্থিত্ব লাভ নকৰাৰ বিষয়ে বিগত এসপ্তাহ ধৰি চর্চা অব্যাহত থকাৰ পিছতাে সমষ্টিৰ ভােটাৰ তথা কর্মীসকলৰ পৰা এইক্ষেত্রত কোনাে ধৰণৰ প্রতিক্রিয়া নােহােৱাৰ কার্যই মন্ত্ৰীগৰাকীৰ জনপ্রিয়তা আৰু সফলতাৰ পৰিচয় দাঙ়ি ধৰে বুলি মন্তব্য কৰে। হাওৰাঘাটৰ প্রার্থী দৰছিং ৰংহাঙৰ আগত দিনবােৰত নিবনুৱা সমস্যা সমাধান, বাণিজ্যিক ক্ষেত্র, পর্যটন ক্ষেত্রৰ উন্নয়নৰ লগতে সমষ্টিবাসীৰ অর্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে কাম কৰি যােৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে। সভাখনত ডিফু সাংসদ হৰেণছিং বে, জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণৰ লগতে ভালেসংখ্যক দলীয় নেতা-কর্মী উপস্থিত থাকে।













