নিউজ ডেস্কঃ
নৃত্যশিল্পী আৰুশি নিশাঙ্কক কেন্দ্ৰ কৰি চর্চা আৰম্ভ হৈছে ছচিয়েল মিডিয়াথ। জল্পনা, কেন্দ্রীয় মন্ত্রী ৰমেশ পোখৰিৱালৰ জীয়ৰী আৰুশি নিশাঙ্ক বলিউডত খোজ পেলাবলৈ আগবাঢ়িছে ! জানিব পৰা মতে, ‘তাৰনিনি’ নামৰ এখন ছবিৰ জৰিয়তেই বলিউডত এইবাৰ অভিষেক ঘটাব আৰুশিয়ে। সমগ্ৰ বিষয়টোক লৈ আৰুশিয়ে কোনো মন্তব্য নকৰিলেও, ছচিয়েল মিডিয়াত স্বাভাৱিকতে আৰম্ভ হৈছে চর্চা।
উল্লেখ্য, ২০১৫ চনত অভিনৱ পণ্টৰ সৈতে বিয়াত বহাৰ পিছৰ পৰা সংসাৰতে ব্যস্ত আছিল আৰুশি। সংসাৰৰ সকলো বেমেজালি চম্ভালিও এইবাৰ বলিউডত খোজ পেলাবলৈ আগবাঢ়িছে উত্তৰাখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিৱালৰ কন্যাই। বর্তমান হিমালয়ান আয়ুর্বেদিক মেডিকেল কলেজ আৰু হস্পিটেলৰ সভাপতি পদত নিযুক্ত আৰুশি নিশাঙ্ক। লগতে আৰুশিয়ে এগৰাকী পৰিবেশবিদ হিচাবেও কাম কৰি আহিছে। ইয়াৰ উপৰি নৃত্যগুৰু বিৰজু মহাৰাজৰ শিষ্যও তেওঁ।