![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গৰু গাড়ীত উঠি মনোনয়ন পত্ৰ দাখিল কৰিলে মৰিগাঁৱৰ যুৱ অধিবক্তা তথা প্ৰাৰ্থী ৰাতুল বৰাই। গাড়ী থকা স্বত্বেও পেট্ৰল-ডিজেলৰ বাঢ়ি অহা মূল্যবৃদ্ধিৰ ফলত ৰাতুল বৰাই অভিনৱ উপায়েৰে গৰু গাড়ীত উঠি সমৰ্থকসহ মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ। সমান্তৰালকৈ যুৱ অধিবক্তা ৰাতুল বৰাই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে খালি চিলিণ্ডাৰলৈও প্ৰতীকি প্ৰতিবাদত লিপ্ত হ’ব বুলি প্ৰকাশ কৰাৰ লগতে মৰিগাঁও সমষ্টিত বিপুল ভোটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰে।













