![]()
বিজেপিৰ ছিপাঝাৰ সমষ্টিৰ মনোনীত প্ৰাৰ্থী ডঃ পৰমানন্দ ৰাজবংশীৰ আজি মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে তাত অনুষ্ঠিত হোৱা এখন সভাত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য- শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ আৰু এআইইউডিএফ দলক। এই দুই দলৰ মিত্ৰতা জাতি ধ্বংসকাৰী বুলি কোৱাৰ সমান্তৰালকৈ আজমলক দিচপুৰৰ বৰঘৰত সোমাই দিলে তেতিয়া ভাষা সংস্কৃতিৰ বিপৰ্যয় আহিব বুলিও প্ৰকাশ কৰে। ছিপাঝাৰ একাডেমী খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত কংগ্ৰেছ দলে যে ইমানদিনে কেৱল ধূতি আৰু লুঙীৰ ৰাজনীতি কৰা বুলি মন্তব্য কৰে।
আনহাতে, কংগ্ৰেছে বিগত ১৫ বছৰত কাৰ্যকাল চম্ভালা সময়ত যিমানখিনি কাম কৰিব পৰা নাছিল তাতোকৈ অধিক কাম বিজেপিয়ে কৰিছিল। ইফালে ছিপাঝাৰৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত বহুত কথা চিন্তা কৰি পৰমানন্দক ৰাজবংশীক প্ৰাৰ্থীত্ব আগবঢ়োৱা বুলি উল্লেখ কৰি বিজেপিত কেৱল ৰাজনীতি কৰা মানুহ নাথাকে সাহিত্যি সংস্কৃতি খেলুৱৈ আদিও থাকে বুলি শৰ্মাই কয়।
সকলো শ্ৰেণীৰ জনসাধাৰণক আশ্বাস আৰু বিশ্বাসত লৈ বিজেপি আগবঢ়া বুলি কৰাৰ সমান্তৰালকৈ অসমৰ স্বাভিমান গামোচাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় মঞ্চত উজ্জ্বলাই তোলা বুলিও অভিহিত কৰে সৰ্বানন্দ সোণোৱালে। দৰং জিলা কংগ্ৰেছৰ সম্পাদক মিহিৰ চহৰীয়াই আঁত ধৰা অনুষ্ঠানত মঙলদৈ সাংসদ দীলিপ শইকীয়াই- ছিপাঝাৰত পুনৰ পদুম ফুলিব বুলি উল্লেখ কৰি বিগত পাঁচ বছৰত অসমৰ প্ৰতিচ্ছবি আৰু কংগ্ৰেছৰ দিনৰ ছবিৰ তুলনা ডাঙি ধৰে।
উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানত ৰাজ্যিক মহিলা বিজেপিৰ সভানেত্ৰী অপৰাজিতা ভূঞা, কেন্দ্ৰীয় নেতা বৈজন্ত জৈন পাণ্ডা আদিয়েও বক্তব্য ৰাখে। আজিৰ অনুষ্ঠানত দৰং কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক দিলীপ কলিতা আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক দেৱৰ্ষি ডেকাই বিজেপিত যোগদান কৰে।













