![]()
অজন্তা তালুকদাৰ
বোকাখাত : “ছাত্র ছাত্রীসকলে উপযুক্ত বয়সত ভোটদান প্ৰক্ৰিয়াত অংশগ্রহণ কৰি সুস্থ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি প্ৰকৃত নেতা নিৰ্বাচন কৰিব পাৰিলেহে আমাৰ দেশে উন্নতিৰ উচ্চ শিখৰত আৰোহন কৰিব পাৰিব। “১১ মাৰ্চত চি এন বি মহাবিদ্যালয়ৰ নিৰ্বাচনী স্বাক্ষৰতা ক্লাবৰ (ELC) এখন সজাগতা সভা উদ্বোধন কৰি অধ্যক্ষ ড: সুৰজিৎ দত্তই এনেদৰে কয়।

ভোটাধিকাৰ প্ৰাপ্ত ছাত্র-ছাত্রীসকলক ভোট দানৰ প্ৰতি সজাগ কৰিবলৈ আৰু তেওঁলোকৰ জড়িয়তে সমাজৰ বিভিন্ন স্তৰৰ লোকক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ এক বাৰ্তা প্ৰেৰণৰ বাবেই ক্লাবৰ নডেল বিষয়া আফটাফিজুৰ ৰহমানে এই সভা আয়োজন কৰে। ৰসায়ন বিভাগৰ মুৰব্বী হৰি প্ৰসাদ নাথ, অংকশাস্ত্ৰ বিভাগৰ মুৰব্বী ৰুবুল বৰা, আই কিউ এ চিৰ সমন্বয়ক বিদ্যুৎ বিকাশ শইকীয়া আৰু সহকাৰী অধ্যাপক ড: বিদ্যুৎ বৰুৱাই সহযোগিতা আগবঢ়োৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে ক্লাবৰ কেম্পাচ এম্বেচাদৰ গৌৰিশিখৰ নাথে।

উদ্দেশ্য ব্যাখ্যা কৰি নাথে আগন্তুক দিনত ক্লাবৰ তৰফৰ পৰা লব পৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। প্ৰথম পদক্ষেপ হিচাপে ক্লাবৰ তৰফৰ পৰা সম্পাদনা কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা “মিৰৰ”ৰ উন্মোচন কৰা হয়। প্ৰাচীৰ পত্রিকাৰ বিষয় “গণতান্ত্রিক নিৰ্বাচনত ছাত্র-ছাত্রীৰ ভূমিকা। “আফটাফিজুৰ ৰহমানৰ তত্বাৱধানত সম্পাদনা কৰি উলিওৱা প্ৰাচীৰ পত্রিকাখনি সুন্দৰকৈ সজাই তুলিলে তুষাৰ গগৈ, শ্ৰাৱণী ফুকন, অনুৰাগ শইকীয়া, চুমালিকা গগৈ, পাৰ্থজ্যোতি কলিতাকে আদি কৰি ছাত্র-ছাত্রীসকলে। অধ্যক্ষ ডঃ দত্তই প্ৰাচীৰ পত্রিকাখনি উন্মোচন কৰি ইয়াৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে ক্লাবৰ কামকাজক লৈ সন্তুষ্টি প্ৰকাশ কৰে।













