![]()
নিউজ ডেস্কঃ
ৰাজ্যত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ, দলৰ কৰ্মীসকলৰ উদ্যম বৃদ্ধি কৰিবলৈ আৰু আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰসকলক অনুপ্ৰেৰিত কৰাৰ বাবে কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী স্মৃতি ইৰাণীয়ে কাইলৈ অসম ভ্ৰমণ কৰিব। তেওঁ মৰিয়নিত ৰমণী তাঁতী, শিৱসাগৰত সুৰভি ৰাজকোঁৱৰ আৰু চামগুৰিৰ অনিল চাইকিয়াৰ হৈ প্ৰচাৰ চলাবলৈ তিনিখন নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ কৰিব। তেওঁৰ সৈতে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙেও ১৪ মাৰ্চত বিশ্বনাথত প্ৰমোদ বৰঠাকুৰ, গহপুৰত উৎপাল বৰা আৰু দেৰগাঁৱত ভবেন ভৰালীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব ৷ দুই কেন্দ্ৰীয় মন্ত্ৰীৰ এই নিৰ্বাচনী প্ৰচাৰে দলৰ কৰ্মীসকলক অধিক উৎসাহী কৰি তুলিব বুলি আশাবাদী ৰাজ্যিক বিজেপি ৷













