![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অসমবাসীৰ ওচৰত অৰ্থ সাহায্য ভীক্ষা অখিল গগৈ। ৰাইজৰ দলৰ কাৰাবন্দী সভাপতি গগৈয়ে অৰ্থ সাহায্য আগবঢ়াবলৈ শুকুৰবাৰে মুকলি কৰে বেংক একাউণ্ট। বেংক একাউণ্টটো হৈছে ভাৰতীয় ষ্টেট বেংক দিছপুৰ, নম্বৰ-৪০০৬১৭০৯১২১ আৰু আইএফএছচি নম্বৰ হৈছে SBIN0003030।
‘মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজো। বিধানসভাত চৰকাৰৰ জাতিদ্ৰোহী প্ৰতিটো কামৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব খোজো’- ৰাইজক উদ্দেশ্য কৰি গগৈয়ে কয়।
মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল যোগে কাৰাবন্দী অখিল গগৈৰ আহ্বান কাৰ্যকৰি সভাপতি ভাস্ক-ডি শইকীয়াই প্ৰকাশ কৰে।
উল্লেখ নির্বাচন আয়োগে বান্ধি দিয়া নিয়ম অনুসৰি এগৰাকী প্ৰাৰ্থীয়ে ৩০ লাখ টকা সৰ্বাধিক খৰছ কৰিব পাৰিব। মই যিহেতু কাৰাৰুদ্ধ হৈ আছোঁ আৰু মোৰ কোনো জমা টকা নাই। সেয়েহে অসমবাসী ওচৰত আৰ্থিত সহায় বিচাৰিছোঁ- গগৈয়ে এইদৰে কয়।
গুৰুত্বপূৰ্ণ কথা এই যে অসমবাসী ওচৰতত প্ৰতিশ্ৰুতি প্ৰদান কৰি তেওঁ কয়- মুঠতে মোক বিধায়কৰূপে জয়ী কৰাওঁক, মই মোৰ সৰ্বোচ্চ ঢালি দিম শিৱসাগৰৰ লগতে দেশমাতৃ সেৱাৰ বাবে’।













