নিউজ ডেক্স:
মাউন্ট এভাৰেস্টেীত অভিযাত্রী দলৰ অন্যান্য সদস্যসকলৰ বা আৰোহীৰ ফটো বা ভিডিঅ’ তোলা সম্পূর্ণভাৱে নিষিদ্ধ ঘোষণা কৰিলে নেপালে । সেই দেশৰ পর্যটন বিভাগে সম্প্রতি এই নিৰ্দেশনা জাৰি কৰাৰ সময়ত কয়, প্রতিজন পর্বতাৰোহীয়ে তেওঁৰ আৰু তেওঁৰ দলৰ ফটো বা ভিডিঅ’ কৰিব পাৰিব, কিন্তু অন্য পর্বতাৰোহীসকলৰ ফটো বা ভিডিঅ’ কৰিলে সেয়া দণ্ডণীয় অপৰাধ বুলি বিবেচিত হ’ব।
২০১৯ ৰ মে’ মাহত নির্মল পূর্জা নামে এক নেপালী পর্বতাৰোহীয়ে ‘ট্রেফিক জাম’ শীর্ষক কেপচনেৰে এভাৰেষ্টৰ ওপৰত মানুহৰ দীঘলীয়া শাৰীৰ এখন ফটো সামাজিক মাধ্যমত পোষ্ট কৰে। মুহূর্ততে সমগ্ৰ বিশ্বত ভাইৰেল হৈ পৰে সেই ফটো । ইয়াৰ পিছতে তীব্র সমালোচনাৰ সন্মুখীন হয় নেপাল চৰকাৰ ।
হিমালয়ৰ বাস্তুশাস্ত্ৰক লৈ গ্লোবেল মিডিয়াত তীব্ৰ নিন্দাৰ সম্মুখীন হ’ব লগা হয় নেপালৰ চৰকাৰী অধিকাৰীসকল । মাউন্ট এভাৰেষ্ট পর্যটনত নেপালৰ ব্যৱস্থাপনাক লৈও প্রশ্ন তোলে পর্বত আৰোহণ কমিটিয়ে । যদিও সমালোচিত অৱস্থাৰ কথা মানিবলৈ অমান্তি হয় নেপাল। তেওঁলোকৰ দাবী, এভাৰেষ্টত গৈ ফটো তুলি নেপালৰ নামত কুৎসা ৰটনা চেষ্টা চলিছে।
এই পৰিপ্রেক্ষিতত মীৰা আচার্য্য নামৰ নেপালৰ পর্যটন বিভাগৰ এক অধিকাৰীয়ে সংবাদমাধ্যমক জনাই যে এইবাৰৰপৰা মাউন্ট এভাৰেষ্টত নিজৰ দলক বাদ দি অন্য কোনো ফটো-ভিডিঅ’ তোলা নিষেধ।
ইয়াৰ লগতে এলানি নিয়মাৱলীও প্রকাশ কৰিছে নেপালে যিখিনি সেই দেশৰ অন্যান্য পর্বতৰ ক্ষেত্রতো মানি চলিব লাগিব।